কৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে কেনেদৰে অনুষ্ঠিত কৰিব পাৰিব নিৰ্বাচন!- নিৰ্বাচন আয়োগৰ নিয়মাৱলী ঘোষণা

Share This Article

দেশত কৰোনা ভাইৰাছৰ বিভীষিকা চলি থকাৰ সময়তে চমু চাপি আহিছে বিহাৰ বিধান সভাৰ নিৰ্বাচন।

গতিকে বিহাৰৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে কিছুমান নতুন নিয়মাৱলী। সেই নতুন নিয়মাৱলী অনুসৰি কেৱল মাত্ৰ ৫ জন ব্যক্তিয়েহে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাব পাৰিব। নিৰ্বাচনী প্ৰচাৰৰ ৰেলি অথবা ৰোড শ্ব’ ত ব্যৱহাৰ কৰিব পাৰিব মাত্ৰ ৫ খন বাহন।

মনোনয়ন দাখিল কৰোঁতেও প্ৰাৰ্থীৰ লগত থাকিব পাৰিব কেৱল দুজন ব্যক্তি। প’লিং ষ্টেচনত ভোটাৰৰ সংখ্যাও পূৰ্বৰ ১৫০০ জনৰ পৰা ১০০০ জনলৈ হ্ৰাস কৰা হৈছে। কোনো ব্যক্তিৰ দেহত যদি ভোট গ্ৰহণৰ দিনা কৰোনা ভাইৰাছৰ লক্ষণে দেখা দিয়ে ব্যক্তি জনক এটা টুকন দিয়া হ’ব আৰু তেখেতে ভোট গ্ৰহণৰ শেষৰ ফালে ভোট দিব পাৰিব।

ইয়াৰ উপৰিও ফেছ মাস্ক পিন্ধটো বাধ্যতামূলক হোৱাৰ উপৰিয়ো ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰক হেণ্ড গ্লোভ দিয়া হ’ব।

উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া বিহাৰেই ভাৰতৰ একমাত্ৰ ৰাজ্য।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.