কৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজত NEET আৰু JEE পৰীক্ষা অনুস্থিত নকৰিবলৈ আহ্বান বিশ্ব বিখ্যাত পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গৰ

Share This Article

বৰ্তমান সমগ্ৰ দেশ জুৰি কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি NEET আৰু JEE ৰ পৰীক্ষা পিছোৱাৰ যি দাবী উত্থাপন হৈছে তালৈ সমৰ্থন আগবঢ়াইছে বিশ্ব বিখ্যাত পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গে। আজি টুইটাৰ যোগে থানবাৰ্গে NEET আৰু JEE পৰীক্ষা পিছোৱাৰ দাবীক সমৰ্থন কৰি কয় যে যি সময়ত ক’ভিড-১৯ আৰু বানপানীৰ ফলত লাখ লাখ মানুহ জৰ্জৰিত হৈছে, তেনে এক সময়ত ভাৰতৰ ছাত্ৰ ছাত্ৰী সকলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ কোৱাটো ঠিক হোৱা নাই। গতিকে মইও তেওঁলোকৰ NEET আৰু JEE ৰ পৰীক্ষা পিছোৱাৰ দাবীক সমৰ্থন কৰিছো।

উল্লেখযোগ্য যে NEET আৰু JEE পৰীক্ষা পিছোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই। যদি পিছোৱা নহয় NEET আৰু JEE ৰ পৰীক্ষা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.