কৰোনা আপডেট: অসমত মুঠ আক্ৰান্তৰ সংখ্যা ৪২ হাজাৰৰ ঘৰত, সমগ্ৰ দেশত আক্ৰান্ত হৈছে ১৭ লাখতকৈও অধিক

Share This Article

বিভিন্ন বাধা নিষেধ সহিত কেন্দ্ৰীয় চৰকাৰে unlock 3.0 ৰ নীতি নিয়ম ঘোষণা কৰাৰ মাজতো ৰাজ্যত অব্যাহত আছে কৰোনাৰ ভয়াবহ সংক্ৰমণ।

এইপৰ্যন্ত অসমত মুঠ কৰোনা আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪২৯০৪ গৰাকী। একে সময়তে আৰোগ্য হোৱা মুঠ লোকৰ সংখ্যা ৩২৩৮৪ গৰাকী আৰু ১০৪১২ গৰাকী কৰোনা আক্ৰান্ত বৰ্তমানে চিকিৎসাধীন হৈ আছে।

ইপিনে ৰাজ্যত কৰোনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিলেও, দেশৰ ভিতৰত অসমতে কৰোনাত মৃত্যুৰ হাৰ আটাইতকৈ কম।

কৰোনাৰ পৰা সুস্থ হৈ উঠাৰ হাড়ৰ ক্ষেত্ৰতো অসম দেশৰ ভিতৰতে চতুৰ্থ স্থানত আছে।

অন্যহাতেদি ভাৰতবৰ্ষত কৰোনাত আক্ৰান্তৰ সংখ্যা বৰ্তমান ১৭৫৭১১৩ গৰাকী আৰু মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ ৩৭,৭৬০ গৰাকী।

ভাৰতবৰ্ষৰ আন আন ৰাজ্য সমূহৰ ভিতৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত এতিয়ালৈ মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৪৩১৭১৯ গৰাকী।

অন্যহাতেদি ৰাজধানী চহৰ দিল্লীত কৰোনা সংক্ৰমন আগতকৈ কিছু পৰিমানে কমিছে। দিল্লীত বৰ্তমানলৈ মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১৩৭৬৭৭ গৰাকী।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.