ক্ৰয় কৰিব নেকি সোণ ?

Share This Article

সোণ ভালপোৱা ভাৰতীয়লৈ ভাল খবৰ !হ্ৰাস হ’ব পাৰে সোণৰ মূল্য।হয়,ভাৰতত হ্ৰাস হ’ব সোণৰ মূল্য।
চীনৰ পিছত বিশ্বৰ ভিতৰত সোণৰ চাহিদা ভাৰততেই অধিক।ভাৰতীয় সকলে সোণ ক্ৰয় কৰি ভাল পায়।অলংকাৰ হিচাপে ব্যৱহাৰ কৰাৰ ওপৰিও সোণ মূল্যাৱান ধাতু হিচাপেও বহুতে ঘৰত ৰাখে।বহুতো ভাৰতীয়ই আকৌ সোণত বিনিয়োগ কৰে।এতিয়া সেই সকল ভাৰতীয়ৰ বাবে আছে এটা ভাল খবৰ ।বিগত বৰ্ষত সোণৰ আমদানি হ্ৰাস কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সোণৰ খনিৰ সন্ধানত গুৰুত্ব দিছিল।নিটি আয়োগক দেশত সোণৰ খনি সন্ধানৰ দায়িত্ব দিয়া হৈছিল।নিটি আয়োগে দেশৰ বিভিন্ন প্ৰান্তত সোণৰ খনিৰ সন্ধান অব্যাহত ৰাখিছে।২০৩০ চনলৈ আয়োগে এই সোণৰ সন্ধান অভিযান অব্যাহত ৰাখিব।খনি মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত আৰু ৫ টা সোণৰ খনিৰ সন্ধান পোৱা গৈছে।অৱশ্যে এতিয়ালৈকে ৫ টা খনি কোনখন ৰাজ্যত পোৱা গৈছে সেই বিষয়ে সবিশেষ তথ্য জনোৱা নাই মন্ত্ৰালয়ে।২০২২ বিত্তীয় বৰ্ষৰ খতিয়ান অনুসৰি ভাৰতে মুঠ ৭.৫৩ % সোণ বিদেশৰ পৰা আমদানি কৰে।কৰ্ণাটকৰ হুটী সোণৰ খনিয়ে ১৯৪৭ চনৰ পৰা মুঠ ৮৪ টন সোণ উৎপাদন কৰি আহিছে।২০২০ বৰ্ষৰ তথ্য অনুসৰি ভাৰতত বৰ্তমান ৫০১৮.৪ লাখ টন সোণ অসংশোধিত অৱস্থাত আছে।দেশৰ ভিতৰত সবাতোকৈ বেছি সোণ উৎপাদন হয় বিহাৰত।দেশৰ মুঠ উৎপাদনৰ ৪৪% সোণ উৎপাদন হয় বিহাৰত।ৰাজস্থানে ২৫% আৰু কৰ্ণাটকে ২১% সোণ উৎপাদন কৰে৷তাৰ বিপৰীতে পশ্চিম বংগ আৰু অন্ধ্ৰ প্ৰদেশে ৩ শতাংশকৈ সোণ উৎপাদন কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.