ক্ৰমাৎ শান্ত হোৱাৰ দিশে সূৰ্যোদয়ৰ দেশ

Share This Article

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ অহাৰ কথা।অৰুণাচলে ৰাজ্যৰ মৰ্যাদা লাভ কৰা ৩৭ টা বৰ্ষ সম্পূৰ্ণ কৰিলে সোমবাৰে।সেই উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাজ্যখনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ কথা।ৰাষ্ট্ৰপতি গৰাকীয়ে ডলী পল’ বিমান বন্দৰ আৰু নাহৰলগুণ ৰে’ল ষ্টেশ্যনৰ মাজত ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুটা লে’নৰ পথৰো শুভাৰম্ভ কৰিব।ইয়াৰ ওপৰিও ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া অৰুণাচলৰ বীৰ শ্বহীদৰ ওপৰত নিৰ্মিত দুখন এনিমেশ্যন ফিল্মৰ শুভাৰম্ভ কৰিব।মঙলবাৰে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল’ব ৰাষ্ট্ৰপতিয়ে।গুৰুত্বপূৰ্ণ বিষয়টো বিগত তিনিটা দিন অৰুণাচল প্ৰদেশৰ পৰিস্থিতি অত্যন্ত অশান্তজৰ্জৰ হৈ আছিল।ৰাজ্যখনৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টোক লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল প্ৰতিবাদী জনতাই।ৰাজ্যখনত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল।ৰাষ্ট্ৰপতি ভ্ৰমণৰ আগমুৰ্হুতত ৰাজ্যখনত সংঘটিত এনে পৰিস্থিতিয়ে চিন্তিত কৰিছিল ৰাজ্য চৰকাৰক।উপায়হীন ৰাজ্য চৰকাৰে সকলো জনতাৰ সকলো দাবী৷মানি লৈছিল দেওবাৰে।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশলৈ অহাৰ কথা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.