ক্ষোভ-দম্ভ বাদ,বিজেপিক কৰিব বৰবাদ

Share This Article

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজে ঐক্যবদ্ধ কৰিলে বিৰোধীক৷লগ নালাগো বুলি আঁতৰি থকা দলেও দিলে সমৰ্থন।আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছৰ দৰে দূৰত্ব বজাই ৰখা দলেও ৰাহুল গান্ধীৰ সমৰ্থনত প্ৰতিবাদত অংশ ল’লে।
কিন্তু ছাভাৰকাৰ সন্দৰ্ভত দিয়া মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ ওপৰত ক্ষোভিত হৈছিল শিৱসেনা।সাংসদ পদ খাৰিজৰ পিছত শনিবাৰে সম্বোধন কৰা সংবাদমেলত ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল যে তেওঁ ছাভাৰকাৰ নহয় যে তেওঁ ক্ষমা খুজিব।ইয়াৰ পিছতেই শিৱসেনা প্ৰধান উদ্ধৱ থাকৰেই ৰাহুল গান্ধীৰ মন্তব্যক লৈ অসন্তুষ্টি ব্যক্ত কৰে।অৱশ্যে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাৱটে বুধবাৰে কয় ‘ আমি আজি বিৰোধীৰ বৈঠকত অংশগ্ৰহণ কৰিম।তদুপৰি আমি প্ৰতিবাদতো অংশ ল’ম৷আমাৰ এতিয়া একমাত্ৰ লক্ষ্য বিৰোধীক একত্ৰিত কৰা।ইতিমধ্যে মহাৰাষ্ট্ৰত ঐক্যবদ্ধ হৈছে বিৰোধী আৰু সমগ্ৰ দেশতে এতিয়া ঐক্যবদ্ধভাৱে বিৰোধী ঠিয় দিছে।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.