ক্ষমতাৰ বাবেই শাল -শিঙি এক মেঘালয়ত

Share This Article

কনৰাড চাংমা নেতৃত্বাধীন এনপিপি তথা বিজেপি চৰকাৰে বুধবাৰে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত শপতগ্ৰহণ কৰিব।আনহাতে,নবনিৰ্বাচিত বিধায়ক সকলে সোমবাৰে শপত লোৱাৰ কথা।আনহাতে,ইউনাইটেড ডেমক্ৰেটিক পাৰ্টি চমুকৈ UDP আৰু পিপুলছ ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ PDF এ কনৰাড চাংমাৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা ইতিমধ্যে জনাইছে।বৰ্তমান মেঘালয় বিধানসভালৈ নতুনকৈ নিৰ্বাচিত হৈ অহা ৫৯ জন বিধায়কৰ ৪৫ জন বিধায়কৰ সমৰ্থন লাভ কৰিছে কনৰাড চাংমাই ।উল্লেখ্য যে নাগালেণ্ড বিধানসভাত মুঠ ৬০ খন আসন আছে যদিও NPP দলৰ এগৰাকী প্ৰাৰ্থীৰ মৃত্যু হোৱাত ৫৯ খন আসনৰ বাবেহে নিৰ্বাচন অনুষ্ঠিত হৈছিল।সোমবাৰে ৫৯ গৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীয়ে শপত ল’ব।অধ্যক্ষৰ নিৰ্বাচনৰ বাবে পুনৰ ৯ মাৰ্চত বিধায়ক সকল মিলিত হ’ব।অকলেই নিৰ্বাচনী যুঁজত নমা NPP দলে বিগত নিৰ্বাচনত মুঠ ২৬ খন আসন লাভ কৰিছিল আৰু সংখ্যাগৰিষ্ঠতা লাভৰ বাবে ৫ খন আসনৰ প্ৰয়োজন আছিল দলটোক।বিজেপি দলে বিগত নিৰ্বাচনত লাভ কৰিছিল ২খন আসন আৰু আন NPP ৰ সহযোগী দলে সমৰ্থন আগবঢ়োৱাৰ পিছত NPP ৰ নেতৃত্বত গঠিত মৰ্চাৰ আসন ৩২খনলৈ বৃদ্ধি পায়।দেওবাৰে UDP আৰু PDF এ সমৰ্থন আগবঢ়োৱাৰ পিছত আসনৰ সংখ্যা হয়গৈ ৪৫খন৷বিগত নিৰ্বাচনত UDP দলে ১১আৰু PDF দলে ২খন আসন লাভ কৰিছিল।PDF ৰ হৈ বিধায়ক বেনটেইডৰ লিংডো আৰু গভিন মাইলিমগেপে দেওবাৰে কনৰাড চাংমাক সাক্ষাৎ কৰি তেওঁলোকৰ দলৰ সমস্য সকলৰ সমৰ্থনৰ কথা এক লিখিত পত্ৰৰ জৰিয়তে জনায়।উল্লেখ্য যে বুধবাৰৰ শপতগ্ৰহণ কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও উপস্থিত থকাৰ কথা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.