কোলাৰটো হেৰুৱায়,বোকোচাৰটোলৈ মন তৃণমূলৰ

Share This Article

তৃণমূল কংগ্ৰেছে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনত অকলেই প্ৰতিন্দন্দ্বিতা কৰিব।তৃণমূল কংগ্ৰেছৰ সভাপতি মমতা বেনাৰ্জীয়ে কয় যে তেওঁৰ দল কাৰো লগত মিত্ৰতাত অৱতীৰ্ণ নহয়।চিপিএম আৰু কংগ্ৰেছৰ বিজেপিৰ লগত ‘বুজাবুজি’ থকাৰ বিষয়ে উল্লেখ কৰি তৃণমূল নেত্ৰী গৰাকীয়ে কয় ‘ এইটো এক অপবিত্ৰ জোঁটবন্ধন আৰু এই জোঁটবন্ধনেৰে কেনেকৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিব?বিজেপিৰ বিৰুদ্ধে বাওঁ দলে যুঁজ কেনেকৈ দিব ?চিপিএম আৰু কংগ্ৰেছ দুয়োটা দলে কেনেকৈ নিজকে বিজেপি বিৰোধী বুলি বুজাব?’পশ্চিম বংগৰ চাৰদিঘী সমষ্টিৰ উপনিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰাৰ পিছত তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে এনেদৰে মন্তব্য কৰে৷কংগ্ৰেছ,বাওঁ দল আৰু বিজেপিয়ে সাম্প্ৰদায়িকতাৰ কাৰ্ডৰ সহায়ত চাৰদিঘী সমষ্টিত জয়লাভ কৰা বুলিও মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ‘ ২০২৪ চনত আমি তৃণমূল আৰু সাধাৰণ জনতাৰ মাজত মিত্ৰতা গঢ়িম।আমি আন কোনো ৰাজনৈতিক দলৰ লগত মিত্ৰতা নকৰোঁ।আমি জনতাৰ সমৰ্থনত অকলেই যুঁজ দিম।’২০২১ চনত মমতা বেনাৰ্জী তৃতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হয় পশ্চিম বংগত।মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পুনৰ কয় ‘যিসকলে প্ৰকৃতাৰ্থত বিজেপিক হৰুৱাব খোজে,তেওঁলোকে আমাক ভোট দিব।বিৰোধী এই তিনি শক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ তৃণমূল কংগ্ৰেছ অকলেই যথেষ্ট।২০২১চনত আমি বিজেপি, কংগ্ৰেছ আৰু চিপিএমৰ বিৰুদ্ধে অকলেই যুঁজ দি জয়ী হ’লো।পুনৰ আমি এই তিনিটা শক্তিক পৰাভূত কৰিব পাৰিম।তাক লৈ আমি চিন্তিত নহয় ।’উল্লেখ্য যে মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাত বিজেপিক গাদীচ্যুত কৰাৰ বাবে বিগত প্ৰায় ৫ টা বছৰ প্ৰস্তুতি চলোৱাৰ পিছতো এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল।আনহাতে,মেঘালয়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে আদি কৰি প্ৰায় সকলো শীৰ্ষ স্থানীয় তৃণমূল নেতাই প্ৰচাৰ চলোৱাৰ পিছতো মাত্ৰ ৫ খন আসনতে সীমাবদ্ধ থাকিল তৃণমূল।তৃণমূল কংগ্ৰেছে বিগত গোৱা নিৰ্বাচনৰ দৰেই চৰকাৰ গঠনৰ প্ৰস্তুতি চলাই ভয়ংকৰভাৱে মুখ থেকেচা খালে উত্তৰ পূবত।অবশ্যে ইমানৰ পিছতো মেঘালয়ত ৫ খন আসন লাভ কৰিয়েই সন্তুষ্টি লাভ কৰিছে তৃণমূল নেতৃত্বই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.