কোভিডৰ মাজত কেনেকৈ বিশাল গেট টুগেদাৰ আয়োজন কৰিলে এন এইচ পি চিয়ে?

ধেমাজীত বিজেপি মন্ত্ৰী সাংসদৰ বৰভোজৰ পিছত,এইবাৰ পিকনিক এন এইচ পি চিৰ৷অসমবাসীলৈ জলপ্ৰলয়ৰ আশংকা নমাই অনা এনএইচপিছিৰ,কোভিড কালতো বিশাল গেট টুগেদাৰ পার্টি৷

চাৰিও ফালে এতিয়া কোভিডৰ আতংক৷জাৰি কৰা হৈছে বিভিন্ন নিষেধাজ্ঞা৷কোভিডৰ মাজত বৰভোজ খাই,মুখ্যমন্ত্ৰীৰ সমালোচনাৰো সন্মুখীন অসম চৰকাৰৰ শিক্ষামন্ত্ৰী৷কিন্তু তাৰ মাজতে আজি এনএইচপিচিয়ে আয়োজন কৰিলে বিশাল গেট টুগেদাৰ পার্টি৷পার্টিত ভাগ ললে নামনি শোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ঠিকাদাৰ আৰু পীচ ৰেট শ্ৰমিক সকলে৷প্ৰকল্পটোৰ অসম আৰু অৰুনাচল দুয়োখন ৰাজ্যৰ ষ্টাফেই অংশ ললে এন এইচপিচিৰ গেট টুগেদাৰ পার্টিত৷ষ্টাফৰ মাজত পর্যাপ্ত সমন্বয় গঢ়ি তোলাৰ উদেশ্যে আয়োজিত গেট টুগেদাৰত,প্ৰকল্পটো শীঘ্ৰে সম্পূর্ণ হোৱাৰ বাবেও লোৱা হল সমূহীয়া সংকল্প৷আৰু ফটোত তাৰেই ছবি৷

কিন্তু এনএইচপিচিৰ গেইট টুগেদাৰ পার্টিক লৈও এতিয়া উত্থাপন হৈছে প্ৰশ্ন৷কোভিডৰ আতংকত ভিন্ন নিষেধাজ্ঞা জাৰি কৰি ৰখাৰ সময়তেই,এনএইচপিচিয়ে কিদৰে বিশাল গেট টুগেদাৰ পার্টিৰ আয়োজন কৰিলে বুলি উত্থাপন হৈছে প্ৰশ্ন৷এনএইচপিচিৰ গেইট টুগেদাৰ পার্টিত কোভিড বিধি ভংগৰো উত্থাপন হৈছে অভিযোগ৷প্ৰশ্ন হব,অসমবাসীক জলপ্ৰলয়ৰ গভীৰ আশংকাত পেলোৱা এনএইচপিচিয়ে এইবাৰ কঢ়িয়াই আনিব বিচাৰিছে নেকি কোভিড সংক্ৰমণৰো আশংকা?কোভিডৰ মাজত বিশাল গেট টুগেদাৰ পার্টি অনুষ্ঠিত কৰা এনএইচপিচিৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰিবনে এতিয়া প্ৰশাসনে?

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296