কৃষক হত্যাত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই কিয় জামিন পালে ?

Share This Article

উত্তৰ প্ৰদেশত আজি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৫৮ টা সমষ্টিত ৫৩ টাতেই আছে বিজেপি বিধায়ক ৷ কিন্তু পশ্চিম উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট এইবাৰ সুকীয়া ৷ মূলত: তিনিটা কাৰণত পশ্চিম উত্তৰ প্ৰদেশত বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ কৃষক আন্দোলন , লখিমপুৰ খেৰীৰ ঘটনা আৰু অঞ্চলটোৰ মুছলমান জনসংখ্যা ৷ কৃষক আন্দোলনৰ ফলত বিজেপিৰ মূল ভোটবেংক হিচাপে বিবেচিত হৈ অহা জাট সম্প্ৰদায় বিজেপিৰ ওপৰত ক্ষোভিত , বিভাজিত মুছলমান সমাজ এইবাৰ বিজেপিৰ বিৰুদ্ধে একত্ৰিত আৰু তাৰ লগতে আছে লখিমপুৰ খেৰীৰ কৃষক হত্যাৰ ঘটনা ৷ কিন্তু ভোটগ্ৰহণ অনুষ্ঠিত হৈ থকাৰ দিনটোতে ওলাই পৰিল বিজেপি চৰকাৰৰ কৃষক বিৰোধী আন এক ষড়যন্ত্ৰ ৷ কৃষক হত্যাৰ মূল অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই ভোটগ্ৰহন অনুষ্ঠিত হৈ থকাৰ দিনটোতে লাভ কৰিলে জামিন ৷ যাৰ বাবে আকৌ এবাৰ উত্তাল হৈ পৰিছে উত্তৰ প্ৰদেশৰ ৰাজনীতি৷  যেন ভোটগ্ৰহণ অনুষ্ঠিত হোৱালৈহে বাট চাই থকা হৈছিল ৷ ভোটগ্ৰহণ আধা সমাপ্ত হোৱাৰ লগে লগে জামিন লাভ কৰিলে কৃষকৰ গাৰ ওপৰেৰে গাড়ী চলোৱা কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই ৷ ঘটনাটো ঘটিছিল ২০২১ চনৰ ৩ অক্টোবৰত ৷ সিদিনা উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰী অঞ্চলত কৃষকসকলে তিনি ক’লা কৃষি আইন প্ৰত্যাহাৰৰ দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যইও সিদিনা লখিমপুৰত এক আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ লগত আছিল কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ ৷ আধাৰশিলা স্থাপন কৰি ওভতাৰ পথত কৃষক আন্দোলনৰ বাবে তেও যাত্ৰাপথত ব্যাঘাত জন্মে ৷ তাৰ পাছত দুপৰীয়া এখন এছ ইউ ভি বাহনত সেই পথত প্ৰৱেশ ঘটে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ ৷ এই ঘটনাত চাৰিজনকৈ কৃষকসহ মুঠ ৮ জন লোকৰ মৃত্যু হয় ৷ প্ৰথম অৱস্থাত উত্তৰ প্ৰদেশ আৰক্ষীয়ে মন্ত্ৰীপুত্ৰ আশীষ মিশ্ৰক ৰক্ষণাবেক্ষন দিয়াৰ চেষ্টা কৰিছিল ৷ কিন্তু পাছত ন্যায়ালয়ৰ নীৰিক্ষণত গঠন হোৱা এছ আই টিয়ে কৃষক হত্যাৰ গোচৰত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ আশীষ মিশ্ৰক মূল অভিযুক্ত হিচাপে চিহ্ণিত কৰে ৷ এছ আই টিয়ে লখিমপুৰ খেৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰে যে এই ঘটনা পূৰ্বপৰিকল্পিত আছিল ৷ সুপৰিকল্পিভাৱে তেও কৃষকৰ গাৰ ওপৰেৰ গাড়ী চলাইছিল ৷ যাৰ বাবে কেবাজনো লোকৰ মৃত্যু হয় ৷ চাৰিজন কৃষকক হত্যা কৰা গাড়ীখন আছিল কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ ৷ গাড়ীত আছিল তেওৰ পুত্ৰ আশীষ মিশ্ৰ ৷ এছ আই টিয়ে অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৭ , ৩২৬ ধাৰা আৰু আৰ্মছ এক্টৰ অধীনত গোচৰ ৰুজু কৰিবলৈ পৰামৰ্শ দিয়ে ৷মন্ত্ৰী পুত্ৰৰ এই কু কীৰ্তিৰ পাছত সৰ্বত্ৰ উত্থাপণ হৈছিল কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পদত্যাগৰ দাবী ৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত তেও সন্মানীয় স্থানেই লাভ কৰি থাকিলে ৷ মন্ত্ৰী পুত্ৰ ইমানদিনে কাৰাগাৰত বন্দী হৈ আছিল ৷ যেন ১০ ফেব্ৰুৱাৰীৰ দিনটোলৈহে বাট চাই থকা হৈছিল ৷ কাৰণ আজি ভোটগ্ৰহণ হোৱা উত্তৰ প্ৰদেশৰ পশ্চিম অঞ্চলতে মূলত: কৃষক আন্দোলনৰ প্ৰভাৱ আছে ৷ সেই অঞ্চলত ভোটগ্ৰহণ সামৰণিৰ দিশে আগবঢ়াৰ সময়তে পৰিকল্পিত হত্যাৰ অভিযোগত বন্দী হৈ থকা মন্ত্ৰী পুত্ৰই জামিন লাভ কৰিলে ৷ জামিন আবেদনৰ শুনানিৰ সময়ত কোৱা হ’ল যে আশীষ মিশ্ৰৰ নিৰ্দেশতে গাড়ীখনৰ চালকে কৃষকক খুন্দিওৱাৰ কোনো প্ৰমান নাই ৷ এনেকৈয়ে মুকলি আকাশৰ তললৈ ওলাই আহিল কৃষক হত্যাত অভিযুক্ত মন্ত্ৰী পুত্ৰ ৷ এই ঘটনাই এতিয়া আকৌ এবাৰ উত্তাল কৰিছে উত্তৰ প্ৰদেশৰ ৰাজনীতি ৷ ইয়াৰ প্ৰভাৱ নিৰ্বাচনত কেনেদৰে পৰে সেয়া নিশ্চয় লক্ষ্যনীয় বিষয় হ’ব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.