কুকুৰৰ কথা কোৱা বিধায়ক জে’ললৈ !

Share This Article

মহাৰাষ্ট্ৰৰ এগৰাকী বিধায়কৰ মন্তব্যই কঁপাইছে উত্তৰ পূব।অন্য ৰাজ্যৰ মানুহে নাগালেণ্ডৰ লোকে কুকুৰ,সাপ,বৃশ্চিক আদি আহাৰ হিচাপে গ্ৰহণ কৰে বুলিয়েই ধাৰণা কৰে ।কিন্তু এইবাৰ মহাৰাষ্ট্ৰৰ এজন বিধায়কে অসমৰ ক্ষেত্ৰত এই মন্তব্য দি বেয়াকৈ মুখথেকেঁচা খাবলগীয়া হৈছে।মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাড্ডুৱে তেওঁলোকৰ ৰাজ্যত দেখা দিয়া বাটৰ কুকুৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কুকুৰবোৰ অসমলৈ পঠিওৱাৰ পৰামৰ্শ দিয়ে।বিধানসভাত তেওঁ এই সমস্যা সম্পৰ্কত মন্তব্য দি কয় যে অসমৰ মানুহে কুকুৰ খায়,তেওঁ অসমত থাকোতে অসমৰ মানুহে কুকুৰ খোৱা দেখিছিল।উল্লেখ্য যে বাচ্চু কাড্ডু এগৰাকী নিৰ্দলীয় বিধায়ক।তেওঁ একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনা চৰকাৰৰ এগৰাকী সমৰ্থক।আজিৰ পৰা ৫ দিন আগত মহাৰাষ্ট্ৰ বিধানসভাত এই মন্তব্য দিছিল বিধায়কগৰাকীয়ে।অসমত তেওঁৰ মন্তব্যৰ বিৰুদ্ধে গঢ়ি উঠিছে তীব্ৰ প্ৰতিবাদ। ইতিমধ্যে তৃণমূল কংগ্ৰেছে হাতীগাওঁ আৰক্ষী থানাত বিধায়ক গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷কুকুৰ খোৱা বিষয়ক লৈ শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাতো লাগিছে তোলপাৰ।বিধায়ক অখিল গগৈ,বিধায়ক ৰকিবুল হুছেইন,বিধায়ক কমলাক্ষ দে পুৰকায়স্থ,দেৱব্ৰত শইকীয়া আদিয়ে অধিৱেশনৰ আৰম্ভণিতে কুকুৰৰ মাংস সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে আৰু বিধায়কজনক গ্ৰেপ্তাৰ কৰাৰ দাবী তোলে।আশ্চৰ্যজনক বিষয়টো হ’ল কাড্ডুৰ বিৰুদ্ধে ওলাইছে দুবছৰৰ কাৰাদণ্ডৰ দৰে কঠোৰ শাস্তি ।২০১৭ চনৰ এটা গোচৰৰ বাবে এই ৰায় প্ৰদান কৰিছে ন্যায়ালয়ে৷২০১৭ চনত নাছিক অঞ্চলত চৰকাৰী কাম কৰাত বাধা দিয়াৰ বাবে গোচৰ তৰিছিল তেওঁৰ বিৰুদ্ধে।এই গোচৰতে বৰ্তমান অভিযুক্ত হৈছে বাচ্চু কাড্ডু।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.