কুকুৰপ্ৰেমীলৈ ভয়ংকৰ খবৰ !

Share This Article

আপোনাৰ সন্তানক অকলে পঠিয়াই নেকি?তেন্তে চাওক এই ভিডিঅ’!ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদত।হায়দৰাবাদৰ অম্বৰপেট চৌহদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।প্ৰদীপ নামৰ ৫ বছৰীয়া শিশুটোক ৰাস্তাৰ কুকুৰে নৃশংসভাৱে আক্ৰমণ কৰাৰ ফলত মৃত্যু হয় শিশুটিৰ।শিশুটি তেওঁৰ পিতৃৰ লগত আহিছিল চৌহদলৈ।কিন্তু ভিডিঅ’টোত শিশুটিক অকলে দেখা গৈছিল।৩টা কুকুুৰে ঘেৰি ধৰে শিশুটিক৷ভীতিগ্ৰস্ত শিশুটিয়ে দৌৰিবলৈ চেষ্টা কৰিছিল।কিন্তু কুকুৰ কেইটা শিশুটিৰ ওপৰত জঁপিয়াই পৰিছিল।শিশুটিয়ে যিমানবাৰ উঠিবলৈ চেষ্টা কৰে সিমানবাৰে কুকুৰ কেইটাই বগৰাই দিয়ে।কুকুৰৰ উপৰ্যুপৰি আক্ৰমণত ঘটনাস্থলীতে নিহত হয় শিশুটি।এতিয়ালৈকে পৰিয়ালৰ ফালৰ পৰা কোনো অভিযোগ দাখিল কৰা হোৱা নাই।ইয়াৰ আগতে অৰ্থাৎ প্ৰায় ২টা সপ্তাহ আগতে গুজৰাটৰ চুৰাটত ৪ বছৰীয়া এটি শিশু কুকুৰৰ আক্ৰমণত নিহত হৈছিল।জানুৱাৰী মাহত বিহাৰৰ আৰাহত প্ৰায় ৮০ জন লোক কুকুৰে কামোৰাৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল৷দেশৰ বিভিন্ন প্ৰান্তত এপাৰ্টমেণ্ট চৌহদৰ ভিতৰত এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে।পথৰ কুকুৰক চৌহদত খাবলৈ দিয়াৰ বাবে প্ৰায়ে এনে ঘটনা সংঘটিত হৈছে।ইতিমধ্যে বলিয়া অথবা ৰাস্তাৰ কুকুৰৰ সমস্যা গৈ বম্বে উচ্চ ন্যায়ালয় পাইছেগৈ৷কুকুৰক প্ৰতিপালন কৰা,খুওৱা,ভেকচিনৰ ব্যৱস্থা কৰাৰ পোষকতা কৰিছে ন্যায়ালয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.