Investigative reporting with dedication.

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি অহা ৩,৪ মে’ত ঘোষণা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ ফলাফল।ৰাজ্যিক কেবিনেটত শনিবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।৩,৪ মে’ত ঘোষণা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ ফলাফল।১১ মে’ত প্ৰদান কৰা হ’ব নিযুক্তিপত্ৰ।৫ খন মিনি ITI ৰ ১৭০ জন কৰ্মচাৰীৰ ৩% দৰমহা বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত।নিৰ্মীয়মান তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ৬১৪.৯৩ কোটি টকাৰ অনুমোদন।জিলা প্ৰশাসনৰ বাবেও নতুন নীতি নিৰ্ধাৰণ কৰে ৰাজ্যিক কেবিনেটত।জনসংখ্যাৰ ওপৰত ভিত্তি কৰি জিলাত থাকিব প্ৰশাসনিক বিষয়া।জনসংখ্যা অনুপাতে সদায় একেই থাকিব জিলাৰ DC, ADC ৰ সংখ্যা ।




