কি কি থাকিব নিৰ্মাণৰত কাজিৰঙা ডিস্কোভাৰী পাৰ্কত?

Share This Article

কাজিৰঙাত নিৰ্মাণ হৈ আছে কাজিৰঙা ডিস্কোভাৰী পাৰ্ক৷ ডিজিটেল মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰতিফলিত কৰাৰ এক নতুন প্ৰকল্পৰ কাম আৰম্ভ হৈছে কাজিৰঙাত৷ বন বিভাগ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ যৌথ উদ্যোগত কাজিৰঙাৰ পাণবাৰীত নিৰ্মাণ কাৰ্য চলিছে কাজিৰঙা ডিস্কোভাৰী পাৰ্কৰ। পাণবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সমীপতে নিৰ্মাণৰত প্ৰকল্পত উপলব্ধ হ’ব হাতী, কাজিৰঙাৰ বন্যপ্ৰাণী আৰু বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন বিষয়ক তিনিটা ডিজিটেল মাধ্যম৷ বিশেষভাৱে প্ৰতিবছৰে এপ্ৰিল–মে’ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হোৱাৰ পিছত যিসকল পৰ্যটক কাজিৰঙালৈ আহে বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ পিছত যিসকলে তথ্য সহকাৰে অধিক জানিব বিচাৰে সেইসকলৰ বাবে প্ৰকল্পটোৱে সহযোগিতা আগবঢ়াব৷ ইতিমধ্যে হাতীৰ তথ্য উপলব্ধ গৃহৰ কাম সম্পূৰ্ণ হোৱাৰ পথত৷ অসমত হাতীৰ ঐতিহ্য , মহাকাব্যত হাতীৰ উপস্থাপন, হাতীৰ বিচৰণ, ব্যৱহাৰ এই সকলোবোৰেই অন্তৰ্ভুক্ত হ’ব এই বিশেষ গৃহটিত৷ দ্বিতীয়তো গৃহত থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সবিশেষ বিৱৰণ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ লগতে বান আৰু কাজিৰঙাৰ সম্পৰ্ক সবিশেষ বিৱৰণৰ তথ্য লাভ কৰিব পাৰিব পৰ্যটকে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.