Investigative reporting with dedication.

কেন্দ্ৰীয় চৰকাৰে unlock 3.0 ঘোষণা কৰাৰ পাছতে অসমতো আৰম্ভ হৈছে unlock প্ৰক্ৰিয়া। কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা সকলো শিথিলতা প্ৰযোজ্য নহ’ব অসমত। আজি সন্ধিয়া ৭ বজাৰ পৰা ১৪ আগষ্টৰ সন্ধিয়া ৭ বজালৈ প্ৰযোজ্য হ’বলগীয়া এই নতুন গাইডলাইনত কি কি আছে জানো আহক-
১)সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব পাৰিব জিম, যোগাভ্যাস কেন্দ্ৰ, শ্বপিং মল। কিন্তু প্ৰতিদিনে গুৱাহাটী মহানগৰীত পথৰ এফালেহে খুলিব পাৰিব। উদাহৰণ স্বৰূপে, সোমবাৰে যদি পথৰ বাওঁফালে খোলে, তেন্তে মঙলবাৰে খুলিব পথৰ সোঁফালে।
২)শণিবাৰ আৰু দেওবাৰক বাদ দি ৰেষ্টুৰেণ্ট, হোটেল খুলিব পাৰিব। কিন্তু সামাজিক দুৰত্ব পালন কৰাটো বাধ্যতামূলক।
৩)প্ৰতি সপ্তাহৰ সোমবাৰ আৰু মঙলবাৰে অন্তঃজিলা যাতায়াতৰ ব্যৱস্থা।
৪)গৰ্ভৱতী মহিলাক বাদ দি, ১০০ শতাংশ কৰ্মচাৰীৰে ব্যক্তিগত আৰু চৰকাৰী কাৰ্যালয় খুলিব পাৰিব।
৫)চিনেমা হল, পাৰ্ক, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ বন্ধ থাকিব।
৬)সামাজিক , ৰাজনৈতিক, ধৰ্মীয়, ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব।
৭)শণিবাৰ আৰু দেওবাৰে ৰাজ্যৰ কোনো লোকে চলা-ফুৰা কৰিব নোৱাৰিব।
৮)ইয়াৰ উপৰিও ইয়াৰ আগৰ নিৰ্দেশনাত যিখিনি শিথিলতা প্ৰদান কৰা হৈছিল, তাৰ সুবিধা পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ল’ব পাৰিব।




