কিয় ক্ষমা খুজিব ৰাহুল গান্ধীয়ে?প্ৰশ্ন কংগ্ৰেছ সাংসদৰ

Share This Article

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃটেইন ভ্ৰমণৰ সময়ত দিয়া ভাষণৰ বাবে ক্ষমা খোজাৰ দাবী তুলি আহিছে বিজেপি দলে।সোমবাৰে সদনৰ অধিৱেশন চলি থকাৰ সময়ত ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগে বুলি সদনত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰিছিল শাসক দল বিজেপিৰ সাংসদ সকলে।উল্লেখ্য যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বৃটিছ সাংসদ সকলক উদ্দেশ্যি কৈছিল ভাৰতৰ সংসদত বিৰোধীৰ নেতাই কথা ক’লে মাইক্ৰফোনৰ শব্দ কমাই দিয়া হয়।তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গণতন্ত্ৰৰ খৰ্ব ,চীনৰ সমস্যা আদি বিষয়ত কেইবাটাও বিতৰ্কিত মন্তব্য আগবঢ়াইছিল ৰাহুল গান্ধীয়ে।ৰাহুল গান্ধীয়ে বিদেশৰ ভূমিত দেশৰ গণতন্ত্ৰ তথা নৰেন্দ্ৰ মোডীক সমালোচনা কৰাটোক লৈ ক্ষোভিত হৈছে বিজেপি।দলটোৱে কংগ্ৰেছ নেতাগৰাকীয়ে সদনত ক্ষমা খোজাৰ দাবী জনাই কালি সদন স্থগিত ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰে।বিজেপিৰ এই দাবীৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় ‘ তেওঁলোকেহে ক্ষমা বিচৰা উচিত৷কিয়নো ক্ষমতাত থকা দলে কেতিয়াও সদন স্থগিত ৰাখিবলগীয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰাৰ উদাহৰণ নাই।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.