‘কা’ ৰ নিয়মাৱলী প্ৰস্তুত কৰাত ব্যৰ্থ কেন্দ্ৰীয় চৰকাৰ, অধিক সময় বিচাৰি গৃহ মন্ত্ৰালয়ৰ আবেদন

Share This Article

ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আৰু প্ৰতিবাদৰ জোৱাৰ অব্যাহত থকাৰ সময়তে দিল্লীৰ পৰা আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। ‘কা’ বলবৎ কৰিবলৈ প্ৰয়োজনীয় আইন খনৰ নিয়মাৱলী প্ৰস্তুত কৰাত বিফল হৈছে কেন্দ্ৰীয় চৰকাৰ। যাৰ ফলত নিয়মাৱলী প্ৰস্তুত কৰাৰ সময় বৃদ্ধিৰ আবেদন জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

জানিব পৰা মতে, যোৱা ডিচেম্বৰ মাহতে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰা আইন খনৰ এই পৰ্যন্ত নিয়মাৱলী প্ৰস্তুত হৈ উঠা নাই। সেয়েহে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পাৰ্লিয়ামেণ্টৰী ষ্টেণ্ডিং কমিটিক নিয়মাৱলী প্ৰস্তুতিৰ বাবে তিনি মাহ সময় বিচাৰি আবেদন কৰিছে।

উল্লেখযোগ্য যে, সাংবিধানিক নিয়ম অনুসৰি বিধেয়ক এখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইনত পৰিণত হোৱাৰ ৬ মাহৰ ভিতৰত নিয়মাৱলী প্ৰস্তুত কৰি উলিয়াব লাগে। কোনো কাৰণত নিয়মাৱলী প্ৰস্তুত কৰাত বিফল হলে, ৩ মাহ সময় বিচাৰি চৰকাৰে পাৰ্লিয়ামেণ্টৰী ষ্টেণ্ডিং কমিটিক আবেদন কৰিব পাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.