কাহৰ ঔষধ হ’ব পাৰে মৃত্যুৰ কাৰণ

Share This Article

ভাৰতত তৈয়াৰী কাহৰ ঔষধ খায় মৃত্যুক সাৱটিছে শিশুৱে৷উজবেকিস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰিছে এই তথ্য।নয়ডাত অৱস্থিত মেৰিয়ন বায়’টেক ৰ দ্বাৰা উৎপাদিত কাহৰ ঔষধ ডক-ওৱান মেক্স সেৱন কৰি উজবেকিস্তানৰ মুঠ ১৮ টাকৈ শিশুৱে প্ৰাণ হেৰুৱাইছে।উজবেকিস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি পৰীক্ষাগাৰত পৰীক্ষা কৰাত এই তথ্য ধৰা পৰিছে যে এই ঔষধবিধত কণ্টামিটেড ইথেলিন গ্লাইকল মিহলি কৰা হৈছে যিটো শিশুৰ স্বাস্থ্যৰ বাবে অত্যন্ত হানিকাৰক৷চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ এই ঔষধ সেৱন কৰাৰ ফলত যথেষ্ট সংখ্যক শিশুৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে।পৰীক্ষাগাৰত ধৰা পৰা তথ্য অনুসৰি ঔষধবিধত ইথেলিন গ্লাইকল মিহলি হোৱাৰ বাবে ইয়াৰ ১ ৰ পৰা ২ এমএল সেৱন কৰিলে শিশুৰ বমি হোৱাৰ লগতে অচেতন হোৱা,হৃদপিণ্ড বিকল হোৱাৰ লগতে কিডনী নষ্ট হ’ব পাৰে।চলিত বৰ্ষৰ আৰম্ভণিতে গাম্বিয়াত এই ঔষধ বিধ সেৱন কৰি প্ৰায় ৭০ টা শিশুৱে মৃত্যুক সাৱটি লৈছে৷অৱশ্যে মেৰিয়ন বায়টেক আৰু ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঔষধটোৰ পাৰ্শ্বক্ৰিয়া সম্পৰ্কত কোনো ধৰণৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে ব্যক্ত কৰা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.