সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কাম নাপাই কিমান নিবনুৱাই আত্মহত্যা কৰে ‘আত্মনিৰ্ভৰ ভাৰত’ত?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিমান চাকৰি দিয়াৰ কথা আছিল মনত আছেনে আপোনাৰ ? তাৰ পাছত কি ক’লে সেয়া নিশ্চয় আপুনি পাহৰিব পৰা নাই ৷ বছৰি ২ কৌটি চাকৰি দিয়াৰ কথা আছিল , পাছত ক’লে পদপথত পকৰী বেচাটোও এটা সংস্থাপন ৷ কথাৰ এনে ফুলজাৰিৰ মাজত দেশত নিবনুৱাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ অলপতে ৰেলৱেৰ নিযুক্তিক সমগ্ৰ দেশজুৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হ’ল ৷ ক্ষুব্ধ নিবনুৱাই ৰাজপথত নামি অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি কৰিলে ৷ কিন্তু তাৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীৰৱ – নিশ্চুপ ৷ বিগত ৫০ বছৰৰ ভিতৰত নিবনুৱাৰ হাৰ সৰ্ব্বোচ্চ পৰ্যায়ত উপনীত হৈছে ৷ তাক লৈও উদ্বিগ্ন নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷তেও কেৱল কয় যে ‘আত্মনিৰ্ভৰ ভাৰত’ অভিযান আৰম্ভ হৈছে ৷ যাক কেন্দ্ৰ কৰি অযুত কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ কথা বাজেটতো ঘোষণা কৰা হৈছে ৷ কিন্তু আত্মনিৰ্ভৰ ভাৰতৰ জনসাধাৰণ উদ্বিগ্ন হ’ব পৰা এক তথ্য সম্প্ৰতি পোহৰলৈ আহিছে ৷ ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰে সদৰী কৰা তথ্য অনুসৰি সংস্থাপনহীনতা আৰু অৰ্থনৈতিক দুৰাৱস্থাৰ বাবে বিগত তিনিটা বছৰত ভাৰতৰ ২৫ হাজাৰতকৈও অধিক লোকে আত্মহত্যা কৰিছে ৷

ৰাজ্যসভাত বুধবাৰে তিনিগৰাকী সাংসদে গৃহ মন্ত্ৰালয়ক প্ৰশ্ন কৰিছিল যে কৰ্মসংস্থাপনহীনতা আৰু বিত্তীয় সংকটৰ বাবে দেশত যোৱা তিনি বছৰত কিমান লোকে আত্মহত্যা কৰিছে ৷ এনে ঘটনা ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে , সেই সন্দৰ্ভতো প্ৰশ্ন কৰা হৈছিল ৷ এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে সদৰী কৰে যে কৰ্মসংস্থাপনহীনতা আৰু বিত্তীয় সংকটৰ বাবে যোৱা তিনি বছৰত ভাৰতত মুঠ ২৫ হাজাৰ ২৩১ গৰাকী লোকে আত্মহত্যা কৰিছে ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অধিক তথ্য সদৰী কৰি কয় যে
কৰ্মসংস্থাপনহীনতাৰ বাবে ২০১৮ চনত ২৭৪১ গৰাকী , ২০১৯ চনত ২৮৫১ গৰাকী আৰু ২০২০ চনত ৩৫৪৮ গৰাকী নিবনুৱাই আত্মহত্যা কৰিছে ৷ এই পৰিসংখ্যাই কয় যে কাম বিচাৰি নাপাই বছৰি আত্মহত্যাৰ পথ বাছি লোৱা নিবনুৱাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে ৷ এইদৰে বিগত তিনিটা বছৰত মুঠ ৯১৪০ গৰাকী নিবনুৱাই আত্মহত্যা কৰিছে ৷
একেদৰে বিত্তীয় সংকট বা ঋণৰ বোজা সহিব নোৱাৰি ২০১৮ চনত ৪৯৭০ গৰাকী , ২০১৯ চনত ৫৯০৮ গৰাকী আৰু ২০২০ চনত ৫২১৩ গৰাকী লোকে আত্মহত্যা কৰিছে ৷ বিত্তীয় সংকটৰ বাবে দেশত তিনিটা বছৰত আত্মহত্যা কৰা লোকৰ মুঠ সংখ্যা হ’ল ১৬০৯১ গৰাকী ৷
এইদৰে সংস্থাপনহীনতা আৰু ঋণৰ বোজাৰ বাবে তিনিটা বছৰত মুঠ ২৫ হাজাৰ ২৩১ গৰাকী লোকে আত্মহত্যাৰ পথ বাছি লৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ বাবে নহ’লেও এয়া দেশৰ বাবে নিশ্চয় যথেষ্ট উদ্বিগ্নতাৰ কাৰণ ৷ চৰকাৰৰ মতে এনে আত্মহত্যাৰ হাৰ ৰুধিবলৈ দেশজুৰি মানসিক স্বাস্থ্য অভিযান আৰম্ভ কৰিছে ৷
কৰ্মসংস্থাপন সৃষ্টিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰ্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনা , নেচনেল কেৰিয়াৰ চাৰ্ভিছ , প্ৰাইম মিনিষ্টাৰ এমপ্লইমেন্ট জেনেৰেশ্যন প্ৰগ্ৰাম , এম এনৰেগা , পণ্ডিত দিনদয়াল উপাধ্যায় গ্ৰামীন কৌশল যোজনা , দীনদয়াল অন্তোদ্যয়া যোজনা , নেচনেল আৰবান লিভলীহুদ মিশ্যন , প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা , মেক ইন ইণ্ডিয়া , স্বচ্ছ ভাৰত যোজনা , স্মাৰ্ট চিটী মিশ্যন , হাউছিঙ ফৰ অল আদি অনেক আঁচনি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে ৷ ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰী কৰিলেও তথ্যই অন্য কথাহে কয় ৷ চেন্টাৰ ফৰ মনিটৰিঙ ইণ্ডিয়ান ইকোনমিৰ তথ্য অনুসৰি ২০২১ চনৰ ছেপ্তেম্বৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত দেশত মুঠ নিবনুৱাৰ সংখ্যা হ’ল ৪ কৌটি ৭৬ লাখ ৷ইয়াৰে ৩ কৌটি ১৮ লাখ ৭৩ হাজাৰ নিবনুৱাই সক্ৰিয়ভাৱে কামৰ সন্ধান কৰি আছে ৷ইয়াৰ বিপৰীতে ১ কৌটি ৫৭ লাখ ৬০ হাজাৰ নিবনুৱাক কামৰ প্ৰয়োজন যদিও কামৰ সন্ধান কৰি থকা নাই৷ এই পৰিসংখ্যাই ভাৰতত নিবনুৱাৰ হাৰ কিদৰে বৃদ্ধি পাইছে সেয়া উদঙাই দিয়ে ৷ পৰিণতিত হতাশ হৈ ৯ হাজাৰ নিবনুৱাই আত্মহত্যা কৰিবলগীয়া হৈছে ৷ এই পৰিসংখ্যাই লগতে এইটোও স্পষ্ট কৰি দিয়ে যে কৰ্মসংস্থাপন সৃষ্টিৰ বাবে ভাৰত চৰকাৰে যিবোৰ আঁচনিৰ নাম লৈছে সেই আটাইবোৰ আঁচনি এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে ৷

- Donation -

Leave A Reply

Your email address will not be published.