কাম নাপাই কিমান নিবনুৱাই আত্মহত্যা কৰে ‘আত্মনিৰ্ভৰ ভাৰত’ত?

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিমান চাকৰি দিয়াৰ কথা আছিল মনত আছেনে আপোনাৰ ? তাৰ পাছত কি ক’লে সেয়া নিশ্চয় আপুনি পাহৰিব পৰা নাই ৷ বছৰি ২ কৌটি চাকৰি দিয়াৰ কথা আছিল , পাছত ক’লে পদপথত পকৰী বেচাটোও এটা সংস্থাপন ৷ কথাৰ এনে ফুলজাৰিৰ মাজত দেশত নিবনুৱাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ অলপতে ৰেলৱেৰ নিযুক্তিক সমগ্ৰ দেশজুৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হ’ল ৷ ক্ষুব্ধ নিবনুৱাই ৰাজপথত নামি অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি কৰিলে ৷ কিন্তু তাৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীৰৱ – নিশ্চুপ ৷ বিগত ৫০ বছৰৰ ভিতৰত নিবনুৱাৰ হাৰ সৰ্ব্বোচ্চ পৰ্যায়ত উপনীত হৈছে ৷ তাক লৈও উদ্বিগ্ন নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷তেও কেৱল কয় যে ‘আত্মনিৰ্ভৰ ভাৰত’ অভিযান আৰম্ভ হৈছে ৷ যাক কেন্দ্ৰ কৰি অযুত কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ কথা বাজেটতো ঘোষণা কৰা হৈছে ৷ কিন্তু আত্মনিৰ্ভৰ ভাৰতৰ জনসাধাৰণ উদ্বিগ্ন হ’ব পৰা এক তথ্য সম্প্ৰতি পোহৰলৈ আহিছে ৷ ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰে সদৰী কৰা তথ্য অনুসৰি সংস্থাপনহীনতা আৰু অৰ্থনৈতিক দুৰাৱস্থাৰ বাবে বিগত তিনিটা বছৰত ভাৰতৰ ২৫ হাজাৰতকৈও অধিক লোকে আত্মহত্যা কৰিছে ৷

ৰাজ্যসভাত বুধবাৰে তিনিগৰাকী সাংসদে গৃহ মন্ত্ৰালয়ক প্ৰশ্ন কৰিছিল যে কৰ্মসংস্থাপনহীনতা আৰু বিত্তীয় সংকটৰ বাবে দেশত যোৱা তিনি বছৰত কিমান লোকে আত্মহত্যা কৰিছে ৷ এনে ঘটনা ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে , সেই সন্দৰ্ভতো প্ৰশ্ন কৰা হৈছিল ৷ এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে সদৰী কৰে যে কৰ্মসংস্থাপনহীনতা আৰু বিত্তীয় সংকটৰ বাবে যোৱা তিনি বছৰত ভাৰতত মুঠ ২৫ হাজাৰ ২৩১ গৰাকী লোকে আত্মহত্যা কৰিছে ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অধিক তথ্য সদৰী কৰি কয় যে
কৰ্মসংস্থাপনহীনতাৰ বাবে ২০১৮ চনত ২৭৪১ গৰাকী , ২০১৯ চনত ২৮৫১ গৰাকী আৰু ২০২০ চনত ৩৫৪৮ গৰাকী নিবনুৱাই আত্মহত্যা কৰিছে ৷ এই পৰিসংখ্যাই কয় যে কাম বিচাৰি নাপাই বছৰি আত্মহত্যাৰ পথ বাছি লোৱা নিবনুৱাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে ৷ এইদৰে বিগত তিনিটা বছৰত মুঠ ৯১৪০ গৰাকী নিবনুৱাই আত্মহত্যা কৰিছে ৷
একেদৰে বিত্তীয় সংকট বা ঋণৰ বোজা সহিব নোৱাৰি ২০১৮ চনত ৪৯৭০ গৰাকী , ২০১৯ চনত ৫৯০৮ গৰাকী আৰু ২০২০ চনত ৫২১৩ গৰাকী লোকে আত্মহত্যা কৰিছে ৷ বিত্তীয় সংকটৰ বাবে দেশত তিনিটা বছৰত আত্মহত্যা কৰা লোকৰ মুঠ সংখ্যা হ’ল ১৬০৯১ গৰাকী ৷
এইদৰে সংস্থাপনহীনতা আৰু ঋণৰ বোজাৰ বাবে তিনিটা বছৰত মুঠ ২৫ হাজাৰ ২৩১ গৰাকী লোকে আত্মহত্যাৰ পথ বাছি লৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ বাবে নহ’লেও এয়া দেশৰ বাবে নিশ্চয় যথেষ্ট উদ্বিগ্নতাৰ কাৰণ ৷ চৰকাৰৰ মতে এনে আত্মহত্যাৰ হাৰ ৰুধিবলৈ দেশজুৰি মানসিক স্বাস্থ্য অভিযান আৰম্ভ কৰিছে ৷
কৰ্মসংস্থাপন সৃষ্টিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰ্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনা , নেচনেল কেৰিয়াৰ চাৰ্ভিছ , প্ৰাইম মিনিষ্টাৰ এমপ্লইমেন্ট জেনেৰেশ্যন প্ৰগ্ৰাম , এম এনৰেগা , পণ্ডিত দিনদয়াল উপাধ্যায় গ্ৰামীন কৌশল যোজনা , দীনদয়াল অন্তোদ্যয়া যোজনা , নেচনেল আৰবান লিভলীহুদ মিশ্যন , প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা , মেক ইন ইণ্ডিয়া , স্বচ্ছ ভাৰত যোজনা , স্মাৰ্ট চিটী মিশ্যন , হাউছিঙ ফৰ অল আদি অনেক আঁচনি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে ৷ ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰী কৰিলেও তথ্যই অন্য কথাহে কয় ৷ চেন্টাৰ ফৰ মনিটৰিঙ ইণ্ডিয়ান ইকোনমিৰ তথ্য অনুসৰি ২০২১ চনৰ ছেপ্তেম্বৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত দেশত মুঠ নিবনুৱাৰ সংখ্যা হ’ল ৪ কৌটি ৭৬ লাখ ৷ইয়াৰে ৩ কৌটি ১৮ লাখ ৭৩ হাজাৰ নিবনুৱাই সক্ৰিয়ভাৱে কামৰ সন্ধান কৰি আছে ৷ইয়াৰ বিপৰীতে ১ কৌটি ৫৭ লাখ ৬০ হাজাৰ নিবনুৱাক কামৰ প্ৰয়োজন যদিও কামৰ সন্ধান কৰি থকা নাই৷ এই পৰিসংখ্যাই ভাৰতত নিবনুৱাৰ হাৰ কিদৰে বৃদ্ধি পাইছে সেয়া উদঙাই দিয়ে ৷ পৰিণতিত হতাশ হৈ ৯ হাজাৰ নিবনুৱাই আত্মহত্যা কৰিবলগীয়া হৈছে ৷ এই পৰিসংখ্যাই লগতে এইটোও স্পষ্ট কৰি দিয়ে যে কৰ্মসংস্থাপন সৃষ্টিৰ বাবে ভাৰত চৰকাৰে যিবোৰ আঁচনিৰ নাম লৈছে সেই আটাইবোৰ আঁচনি এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.