কাম নকৰিলেও বিজেপিক ভোট লাগিবই !

Share This Article

ত্ৰিপুৰাত শাসক দল বিজেপিয়ে ইমানেই জনহিতৈষী কাম কৰিলে , এতিয়া সমাৱেশ আৰু সভা পাতিহে জনতাক তাৰ খতিয়ান দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।এশএবুৰি সমস্যাত ভাৰাক্ৰান্ত ত্ৰিপুৰাবাসীৰ সমস্যা সমাধানৰ পৰিবৰ্তে দল তথা চৰকাৰখন অধিক সময় ব্যস্ত থাকিল ক্ষমতাৰ খোৱা কামোৰ।ত৷বিপ্লৱ দেৱক মুখ্যমন্ত্ৰীত্বৰ পৰা আঁতৰোৱাৰ পৰা কেইবাজনো মন্ত্ৰীক অপসাৰিত কৰা আদি কামতেই অধিক ব্যস্ত থাকিল দলটো।উপায়হীন দলটোৱে সেয়ে অনুষ্ঠিত কৰিছে বিশাল ৰেলী আৰু ৰথ যাত্ৰাৰ।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ ৰথ যাত্ৰাৰ ফ্লেগ অফ কৰিব ত্ৰিপুৰাত।অহা ৫ জানুৱাৰীত ৰথ যাত্ৰাত গৃহমন্ত্ৰী গৰাকীয়ে অংশ লোৱাৰ কথা নিশ্চিত কৰে দলৰ নেতা ৰাজীৱ ভট্টাচাৰ্যই।উত্তৰ ত্ৰিপুৰাৰ ধৰমনগৰৰ পৰা এই যাত্ৰা আৰম্ভ হ’ব অহা ৫ জানুৱাৰীত।উল্লেখ্য যে ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।শাসক দলে এই যাত্ৰাটোক ‘জন বিশ্বাস যাত্ৰা’ নাম দিছে।মুঠ ৮ দিন ধৰি চলিবলগীয়া এই যাত্ৰা ১২জানুৱাৰীত অন্ত পৰিব৷যাত্ৰাৰ অন্তিম দিনৰ কাৰ্যসূচীত বিজেপিৰ সভাপতি জে পি নাড্ডাই অংশগ্ৰহণ কৰিব।বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীৱ ভট্টাচাৰ্যই কয় “ জন বিশ্বাস যাত্ৰাৰ জৰিয়তে ৰাজ্যখনৰ মুঠ ১০ লাখ লোকক সাঙুৰি লোৱা হ’ব।এই যাত্ৰাই ৰাজ্যখনৰ মুঠ ৬০ টা সমষ্টিক সাঙুৰি ল’ব।এই সময়চোৱাত মুঠ ২০০ খন গণ সমাৱেশ অনুষ্ঠিত হ’ব আৰু প্ৰায় ১০০ টা শোভাযাত্ৰা অনুষ্ঠিত হ’ব৷এই শোভাযাত্ৰা আৰু গণ সমাৱেশৰ উদ্দেশ্য হৈছে জনকল্যাণকামী আঁচনিসমূহ জনসাধাৰণক অৱগত কৰা।”এই সময়চোৱাত অনুষ্ঠিত হোৱা সমাৱেশ আৰু শোভাযাত্ৰাত অতি কমেও ১০ জন কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশ লোৱাৰ ওপৰিও বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশ ল’ব।ত্ৰিপুৰাৰ তথ্য আৰু সংস্কৃতি দপ্তৰৰ মন্ত্ৰী সুশান্ত চৌধুৰীয়ে কয় যাত্ৰাই আগন্তুক বিধানসভা নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলাব।ৰাজ্য চৰকাৰে ইতিমধ্যে এই যাত্ৰাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.