কাজিৰঙাৰ নৃগোষ্ঠীয় লোকক ঘৰ-মাটি এৰি দিয়াৰ চৰকাৰী নিৰ্দেশৰ বিৰুদ্ধে জীপাল কৃষক-শ্ৰমিক সংঘৰ তীব্ৰ প্ৰতিক্ৰিয়া

Share This Article

অসমত সম্প্ৰতি থলুৱা লোকৰ ওপৰত চলা বৰ্বৰ উচ্ছেদ কাণ্ডৰ তীব্ৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতে কাজিৰঙাৰ নৃগোষ্ঠীয় মিচিং জনজাতি আৰু আদিবাসী কেইবাশ পৰিয়ালক দিয়া এখন চৰকাৰী জাননীয়ে নতুন আতংকৰ সৃষ্টি কৰিছে। জাননীত উল্লেখ কৰা ৭ লাখ ৩৬ হাজাৰ টকাৰ ক্ষতিপূৰণৰ বিনিময়ত ঘৰ মাটি এৰি দিয়াৰ নিৰ্দেশনাক থলুৱা নৃগোষ্ঠীয় লোকৰ ওপৰত কৰা চৰম অপমান আখ্যা জীপাল কৃষক-শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহ আৰু মুখপাত্ৰ প্ৰবীণ পেগুৰ ।এনে অপমান কেতিয়াও সহ্য কৰা নহ’ব বুলি স্পষ্টভাবে উল্লেখ কৰিছে। কাজিৰঙাৰ প্ৰকৃতি-বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু ভাৰসাম্যতা ৰক্ষা কৰাত অৰিহণা যোগাই অহা একান্তই থলুৱা নৃগোষ্ঠীয় লোকসকলক ‘ডিচপ’জেবল মেন’ লৈ অৱনমিত কৰা কাণ্ডক চৰম ধিক্কাৰ দিয়াৰ লগতে চৰকাৰৰ এনে নিকৃষ্ট পন্থাৰ লগত মিলিত কোনো নেতা দল মন্ত্ৰীক ৰেহাই দিয়া নহ’ব বুলি বিবৃতিত প্ৰকাশ কৰিছে।যি সময়ত ‘বন অধিকাৰ আইন ২০০৬’ ৰ অধীনত নৃগোষ্ঠীয় লোকক ভূমি পট্টা পোৱাৰ সাংবিধানিক অধিকাৰ আছে , কিন্তু ইয়াৰ বিপৰীতে বিদেশী বিতাৰণ কৰিব নোৱাৰা ফেচিষ্ট চৰকাৰ খনে অসমৰ ভূমিপুত্ৰ মিচিং জনজাতি লোকক বৰং উঠি যাবলৈহে বাধ্য কৰাব খুজিছে। সস্তীয়া মানৱ সজোৱা এনে দুষ্কাৰ্যৰ পৰা বিৰত থাকিবলৈ জীপাল কৃষক-শ্ৰমিক সংঘই সকীয়াই দিয়ে।
১৯৬০-৭০ দশকত ভূমিহীন তথা বানখহনীয়া উক্ত থলুৱা লোক সকলক চৰকাৰী ভাবে বহিবলৈ দিয়া হৈছিল। গতিকে চৰকাৰখন ন্যায় সংগত ভাবে সেই জনতাৰ ওচৰত দায়বদ্ধ হ’ব লাগিব। উচিত মৰ্যাদাৰে ৰাইজৰ সৈতে আলোচনাত মিলিত হওক, প্ৰকৃত পুনৰ সংস্থাপন নীতিৰ আধাৰত, ভূমিৰ সলনি ভূমি, সংশোধিত ২০১৫ ৰ ভূমি অধিগ্ৰহণ আইনৰ আধাৰত যুক্তিসংগত ভাবে আলোচনাত মিলিত হওক, ইয়াৰ বিপৰীতে একপক্ষীয় জাননী -নিৰ্দেশনাৰে হুমকি দিয়া কাৰ্যকলাপৰ পৰা চৰকাৰ প্ৰশাসনক বিৰত থাকিবলৈও দাবী জনাই ‘জীপাল’ৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহে । অন্যথা জংগী গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ’ব লাগিব বুলিও উল্লেখ কৰে।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.