কাগজ কলো শেষ,কৰ্মচাৰীয়েও শেষ কৰিলে নিজক

Share This Article

“মোৰ অৱস্থা বেয়া, কোনো ফালৰ পৰা ৰাস্তা নাই”-এনেদৰে টোকা লিখি নিজকে নিঃশেষ কৰিলে অশোক কাগজ কলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে।বঙাইগাঁও জিলাৰ কাকৈজানাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।আৰ্থিক দুৰৱস্থাৰ বাবেই আত্মহত্যা যোগীঘোপাৰ অশোক কাগজ কলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ।১৯৭৪ চনতে অশোক কাগজ কলত এপ্ৰেন্টিজ হিচাপে যোগদান কৰিছিল কাকৈজানাৰ শিৱচৰণ ৰায়ে।২০১৩ চনৰ এপ্ৰিল মাহত লৈছিল অৱসৰ।চৰকাৰৰ চূড়ান্ত বঞ্চনাৰ বলি হৈছিল কৰ্মচাৰীজন।দৰমহাটো বাদেই, এটা ফুটাকড়িও লাভ কৰা নাছিল তেওঁ।কেবাবাৰো সাক্ষাৎ কৰিছিল মূখ্যমন্ত্ৰীক।তাৰপিছতো পেঞ্চন লাভ কৰিবলৈ সক্ষম নহ’ল দুৰ্ভগীয়া লোকজন।অৱশেষত আৰ্থিক দুৰৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰি আত্মহত্যাৰ পথ বাচি ল’লে শিৱচৰণ ৰায়ে।মৃত্যুৰ পূৰ্বে লিখি থৈ গ’ল এখন পত্ৰ।পত্ৰই উদঙালে যোগীঘোপাৰ অশোক কাগজ কলৰ কৰ্মচাৰীৰ প্ৰতি চৰকাৰে কৰা চূড়ান্ত বঞ্চনাৰ ছবি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.