ক’লৈ গ’ল বিজেপিৰ ৪২ লাখ সদস্য?

Share This Article

প্ৰতিষ্ঠা দিৱসতে ওলাই পৰিল মুখ্যমন্ত্ৰী বনাম প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সংঘাত !কিয় দলৰ পৰা ইমান দূৰত্ব বৰ্তাই ৰাখিছে ন বিজেপি নেতা-মন্ত্ৰীয়ে?প্ৰতিষ্ঠা দিৱস কিয় বৰ্জন কৰিলে ন-বিজেপিয়ে ?দিল্লী-দিছপুৰত চৰকাৰ থকাৰ পিছতো কিয় ফ্লপ হ’ল শাসকীয় দলটোৰ প্ৰতিষ্ঠা দিৱস?মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা য’লৈকে যায় তাতেই ভিৰ হয় জনতাৰ !ছেল্ফী লোৱাৰ পৰা হাতত ধৰালৈকে মানুহৰ মৰমৰ অত্যাচাৰে ব্যতিব্যস্ত কৰে মুখ্যমন্ত্ৰীক !কিন্তু এয়া ৰাইজৰ প্ৰকৃত মৰম তথা আন্তৰিকতা নে?দেখুৱাবলৈহে কৰে নেকি নেতা-পালিনেতাই? ধন দিহে বিজেপিৰ সভালৈ মানুহ আনে নেকি বিজেপিয়ে?আঁচনিৰ মোহেৰে কিমান মুহিব কাৰ্যকৰ্তাক?হিতাধিকাৰী আঁচনিৰে প্ৰতিটো সমষ্টিতেই ভোটবেংক সৃষ্টি কৰা বিজেপিৰ প্ৰতিষ্ঠা দিৱসতেই ওলাই পৰিল প্ৰকৃত স্বৰূপ।বিশ্বৰ সৰ্ববৃহৎ সদস্য থকা দল বিজেপিয়ে মিচকল দিয়া লোককো সদস্য হিচাপে স্বীকৃতি দিছিল।যাৰফলত দলটোৰ কাৰ্যকৰ্তাৰ সংখ্যা ৪২ লাখ হোৱা বুলি দাবী কৰি আহিছে দলৰ সভাপতিকে ধৰি আন নেতাসকলে।কিন্তু প্ৰতিষ্ঠা দিৱসত সেই ৪২ লাখ কাৰ্যকৰ্তাৰ ৪০০ লোকো উপস্থিত নথকাটোৱে প্ৰকৃতাৰ্থত কি সূচায়?কি ক’ব এতিয়া দলৰ সদস্যৰ সংখ্যাৰ কথা আখৈ ফুটুৱাদি ফুটুৱায় থকা বিজেপি সভাপতি ভৱেশ কলিতাই?এয়া দলটোৰ প্ৰতি কাৰ্যকৰ্তাৰ আন্তৰিকতাৰ অভাৱ নে টানত পৰি দেখুৱাই বিজেপি কৰাৰ প্ৰতিফল?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.