কপালত নাই ফোঁট,জকি উঠিল বিজেপি সাংসদ

Share This Article

কৰ্ণাটকৰ বিজেপি সাংসদৰ অদ্ভুত কাণ্ড !নাৰী দিৱসৰ কাৰ্যসূচীত ভাগ ল’বলৈ আহি নাৰীকেই কৰিলে অভব্য আচৰণ।কৰ্ণাটকৰ বিজেপি সাংসদ এছ মুনিস্বামীয়ে বুধবাৰে আয়োজিত আন্তৰ্জাতিক নাৰী দিৱসৰ এক কাৰ্যসূচীত অংশ ল’বৰ বাবে এক প্ৰদৰ্শনীৰ প্ৰাংগণত উপস্থিত হৈছিল। প্ৰদৰ্শনীৰ দ্বাৰ উদঘাটনৰ বাবে গৈ খঙত অগ্নিশৰ্মা হ’ল সাংসদগৰাকী ।কোলাৰ জিলাৰ সাংসদ গৰাকীয়ে প্ৰদৰ্শনীৰ দ্বাৰ উদঘাটন কৰি শাৰী শাৰীকৈ থকা দোকানৰ সন্মুখেৰে গৈ থাকোতে এখন দোকানৰ সন্মু্খত ঠিয় হৈ মহিলাগৰাকীক অশ্ৰাব্য গালি দিবলৈ আৰম্ভ কৰে।গালি দিয়াৰ কাৰণটো জানিলে আচৰিত হ’ব আপুনি !মহিলাগৰাকীয়ে কপালত লোৱা নাছিল ফোঁট।মহিলাগৰাকীয়ে প্ৰদৰ্শনীখনত এখন কাপোৰৰ ষ্টল দিছিল।কিন্তু মহিলাগৰাকীৰ কপালত নাছিল ফোঁট৷উকা কপালেৰে থকা মহিলাগৰাকীক দেখি খঙত অগ্নিশৰ্মা হ’ল সাংসদগৰাকী।মহিলাগৰাকীক উদ্দেশ্যি সাংসদগৰাকীয়ে চিঞৰি ক’লে ‘ প্ৰথমে এটা ফোঁট লগাওক !আপোনাৰ স্বামী জীয়াই থকা নাই জানো?আপোনাৰ সেই সাধাৰণ জ্ঞানকণো নাই নেকি?’ সাংসদগৰাকীয়ে মহিলাগৰাকীক কৰা উচ্চ বাচ্যৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে।বিৰোধী দল কংগ্ৰেছে বিজেপি সাংসদৰ এই আচৰণক লৈ ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া।কংগ্ৰেছে কয় ‘এই আচৰণৰ পৰাই বিজেপিৰ প্ৰকৃত স্বৰূপ প্ৰকাশ পাইছে৷’কংগ্ৰেছ সাংসদ কাৰ্তী পি চিদাম্বৰমে এই ভিডিঅ’টোৰ তলত মন্তব্য দিছে এনেদৰে ‘ বিজেপিয়ে দেশত আৰম্ভ কৰিছে হিন্দুত্ব যুগৰ।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.