কন্যা ৰক্ষাৰ ধন ক’ত খৰচ কৰিলে মোদী চৰকাৰে?

Share This Article

বেটি বাচাও,বেটি পঢ়াও অভিযানৰ দ্বাৰা লাভাম্বিত নহল দেশৰ কন্যা সন্তান৷লাভাম্বিত হল,টিভি চেনেল,বাতৰি কাকত আৰু বিজ্ঞাপন সংস্থাসমূহ৷কাৰণ বেটি বাচাও,বেটি পঢ়াও আচনিৰ সর্বাধিক ধন ছোৱালীৰ উন্নয়নৰ পৰিবর্তে ব্যয় কৰা হল আচনিখনৰ প্ৰচাৰতহে৷এই কথা সংসদত স্বীকাৰ কৰিছে স্বয়ং ভাৰত চৰকাৰে৷
বেটি বাচাও বেটি পঢ়াও আচনিৰ বাবে ২০১৪ চনৰ পৰা ২০২১ চনলৈ ব্যয় কৰা হৈছে সর্বমুঠ ৬৮৩.০৫ কোটি টকা৷কিন্তু ইয়াৰে ৪০১.০৪ কোটি টকাই খৰচ কৰা হল আচনিখনৰ বিজ্ঞাপনৰ নামত৷অর্থাৎ মুঠ ব্যয়ৰ ৫৮ শতাংশ ধন খৰচ কৰা হল প্ৰচাৰৰ নামত৷এই তথ্য বুধবাৰে ৰাজ্যসভাত ডাঙি ধৰিছে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰানীয়ে৷

২০১৫ চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল বেটি বাচাও,বেটি পঢ়াও আচনি৷এই আচনিৰ লক্ষ্য আছিল লৰা আৰু ছোৱালী সন্তানৰ মাজত বৈষম্য হ্ৰাস কৰা৷২০২১ চনৰ ডিচেম্বৰত কোকসভাত ভাৰত চৰকাৰে ডাঙি ধৰা এক তথ্য অনুসৰি, আচনিৰখনৰ মুঠ পুজিৰ ৮০ শতাংশই ব্যয় কৰা হৈছিল বিজ্ঞাপনৰ নামত৷সেই তথ্য অনুসৰি ২০১৬ চনৰ পৰা ২০১৯ চনলৈ আচনিখনৰ মুকলি কৰি দিয়া হৈছিল ৪৪৬.৭২ কোটি টকা৷কিন্তু আশ্চর্যজনকভাবে ইয়াৰে ৭৮.৯১ শতাংশ ধনেই ব্যয় কৰা হৈছিল প্ৰচাৰ কার্যসূচীত৷উল্লেখনীয় যে ২০১৪-১৫ বর্ষৰ পৰা ২০১৯-২০ বর্ষলৈ আচনিখনৰ বাবে আবন্টন দিয়া হৈছিল সর্বমুঠ ৮৪৮ কোটি টকা৷এই সময়ছোৱাত ৬২২ কোটি টকা ৰাজ্যসমূহৰ বাবে মুকলি কৰি দিয়া হল যদিও,বাস্তবত ৰাজ্যসমূহে আচনিখন ৰুপায়নৰ বাবে ব্যয় কৰিলে মাত্ৰ ১৫৬ কোটি টকা৷

আনহাতে আচনিখন মুকলি কৰাৰে পৰা ২০২০-২১ বর্ষলৈ ব্যয় কৰা হৈছে সর্বমুঠ ৬৮৩.০৫ কোটি টকা৷লক্ষণীয়ভাবে ইয়াৰ পৰা ৪০১.০৪ কোটি টকা ব্যয় কৰা হল প্ৰচাৰ তথা বিজ্ঞাপনৰ নামত৷অর্থাৎ বেটি বচাও,বেটি পঢ়াও আচনিৰ ৫৮ শতাংশ ধনেই ব্য্য হল মাত্ৰ প্ৰচাৰ আৰু বিজ্ঞাপনৰ নামত৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.