কন্যাৰ বয়স ২২,তথাপিও পিতৃক আটক আৰক্ষীৰ

সমগ্ৰ অসমতে যোৱা নিশাৰ পৰা বাল্য বিবাহ কৰা স্বামী , পিতৃ-মাতৃ আৰু বাল্য বিবাহৰ লগত জড়িত ব্যাক্তিৰ বিৰূদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । ইয়াৰ ব্যাতিক্ৰম হোৱা নাই ধুবুৰী জিলাতো।ধুবুৰী জিলাত ইতিমধ্যে ১৩৪ গৰাকী লোকক আটক কৰে আৰক্ষীয়ে ।ইয়াৰ ভিতৰত গোলকগঞ্জ থানা এলেকাত আটক ২৬ গৰাকী।গোলকগঞ্জ থানা এলেকাত আৰক্ষীয়ে আটক কৰা এগৰাকী লোকৰ কন্যা গোলকগঞ্জ থানাত উপস্থিত হৈ দাবী কৰে তাইৰ বয়স ২২ বছৰ ।জন্মৰ প্ৰমাণ পত্ৰ‌ প্ৰদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত কন্যাগৰাকীয়ে কয় “মোৰ বয়স ২২ বছৰ । ৫ মাহ আগত মোৰ বিয়া হৈছিল। তথাপিও আৰক্ষীয়ে মোৰ দেউতাক লৈ আহিছে আজি। মোৰ জন্মৰ নথি-পত্ৰ চাই মোৰ দেউতাক এৰি দিব লাগে” – এই ভাষ্য এজনী বোৱাৰীৰ। গোলকগঞ্জ থানাৰ সন্মুখত উপস্থিত হৈ সাংবাদিকৰ কেমেৰাৰ সন্মুখত প্ৰদান কৰিলে মন্তব্য।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296