কন্যাই হত্যা কৰিলে মাতৃক

মুম্বাইৰ লালবাগ অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।এগৰাকী মহিলাৰ এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছে প্লাষ্টিকৰ বেগত।বুধবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো এগৰাকী ৫৩ বছৰীয়া মহিলাৰ।আৰক্ষীয়ে কেইবামাহো আগতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে।মৃত মহিলাগৰাকীৰ কন্যাক ইতিমধ্যে আৰক্ষীয়ে সোধাপোচা আৰম্ভ কৰিছে।মৃত মহিলাগৰাকীৰ ভাতৃ আৰু ভতিজাকে মঙলবাৰে কালাচকী থানাত মহিলাগৰাকী নিৰুদ্দেশৰ এক গোচৰ ৰুজু কৰে।গোচৰ পঞ্জীয়ন হোৱাৰ পিছতে মহিলা গৰাকীয়ে বসবাস কৰা এপাৰ্টমেণ্টটোত তালাচী চলোৱা হয়।তালাচীৰ সময়ত মহিলা গৰাকীৰ অৰ্ধগলিত মৃতদেহ এটা প্লাষ্টিকৰ পেকেটৰ ভিতৰত উদ্ধাৰ হয়।ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে।হত্যা কৰি ফ্ৰীজত মৃতদেহ ৰখা অথবা ঘৰৰ ভিতৰত মৃতদেহ ৰখাৰ ঘটনা দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে।বিগত আগষ্ট মাহত ২৮ বছৰীয়া আলতাফ পুনেৱালাই শ্ৰদ্ধা ৱাকাৰক হত্যা কৰি ফ্ৰীজত ভৰাই থৈছিল ।ঠিক সেইদৰে গুবাহাটীতো বন্দনা ডেকা নামৰ এগৰাকী মহিলাই নিজৰ শাহুৱেক আৰু স্বামীক হত্যা কৰি বিগত ৭ টা মাহ লাহবিলাহৰ মাজেৰে জীৱন যাপন কৰি আছিল। এই ঘটনাৰ প্ৰায় ৬ টা মাহ পিছতহে মৃত মহিলাগৰাকীৰ নিৰুদ্দেশৰ গোচৰ ৰুজু হোৱাত আৰক্ষীয়ে সম্পূৰ্ণ ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু অৱশেষত বোৱাৰীয়েকেই নিজৰ স্বামী আৰু শাহুক হত্যা কৰাৰ ঘটনাটো পোহৰলৈ আহে৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296