সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কঠোৰ লক্ ডাউনত কেনেকৈ বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যাঃ প্ৰশ্ন ৩ সংগঠনৰ, অস্বস্তিত কেন্দ্ৰ

ভাৰতত ২৪ মাৰ্চত ঘোষণা কৰা হৈছিল লক্ ডাউন। ২৫ মাৰ্চৰ পৰা ২৫ মেলৈকে মাত্ৰ দুমাহত ৬২৫ৰ পৰা ১,৩৮,৮৪৫জন লোকৰ শৰীৰলৈ ক’ৰোনা সংক্ৰমিত হৈছে। লক্ ডাউনৰ সময়ত হ্ৰাস হোৱাৰ পৰিৱৰ্তে দেশত ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা ক্ৰমাত্ বৃদ্ধিহে পাইছে। এনে পৰিপ্ৰক্ষিততেই দেশৰ চিকিত্সকৰ তিনিটা সংগঠনে প্ৰধানমন্ত্ৰীক প্ৰেৰণ কৰিছে এক বিশেষ পত্ৰ। লক্ ডাউনৰ প্ৰথম পৰ্বত শ্ৰমিকসকলক উভতাই অনা-নিয়া নকৰি কিয় চতুৰ্থ পৰ্বতহে এই ব্যৱস্থা কৰা হ’ল বুলি চিঠিত প্ৰশ্ন কৰিছে সংগঠন কেইটাই। লগতে তেওঁলোকে কয় যে ক’ৰোনা আৰু নিবনুৱা-এই দুয়োটা সমস্যা মোকাবিলা কৰাটো কঠিন হৈ পৰিব। ক’ৰোনা প্ৰতিৰোধী সংগ্ৰামৰ যুটীয়া টাস্ক ফৰ্চৰ বিশেষজ্ঞ সদস্যসকলে এইক্ষেত্ৰত মুখ খোলাক লৈ অস্বস্তিত পৰিছে কেন্দ্ৰ।
আনহাতে কংগ্ৰেছ মুখপাত্ৰ ৰণদ্বীপ সুৰজেৱালাই প্ৰশ্ন কৰে -“পঞ্চম লক্ ডাউনৰ পূৰ্বে দেশত এদিনত সৰ্বাধিক ৮,৩৮০জন লোক সংক্ৰমিত হৈছে। গতিকে এই পৰিসংখ্যাই লক্ ডাউনৰ ব্যৰ্থতা নে কি বুজায়?” ক’ৰোনাৰ সৈতে মোকাবিলা কৰাৰ সময়ত কিদৰে দেশৰ অৰ্থনীতিৰ চকৰী ঘুৰাব চৰকাৰে, তাক লৈ কংগ্ৰেছৰ সুৰেৰেই তিনিটা সংগঠন ক্ৰমে- ইণ্ডিয়ান পাব্লিক হেল্থ এছচিয়শ্যন, ইণ্ডিয়ান এছচিয়েশ্যন অৱ প্ৰিভেন্টিভ এণ্ড ছচিয়েল মেডিচিন, ইণ্ডিয়ান এছচিয়েশ্যন অৱ এপিডেমিল’জিষ্টে প্ৰশ্ন উত্থাপন কৰিছে। যৌথ বিবৃতিটোত তিনিটা সংগঠনে কয় যে কঠোৰ সিদ্ধান্তৰ উদ্দেশ্য আছিল লক্ ডাউনৰ, সংক্ৰমণৰ বাবে যাতে স্বাস্থ্য বিভাগত একেবাৰতেই অধিক ৰোগীৰ চাপ নপৰে। যদিও একাংশভাৱে সফল হৈছে, তথাপি চতুৰ্থ পৰ্যায়ৰ লক্ ডাউনৰ ফলত অৰ্থনীতিত প্ৰভাৱ পৰা আৰম্ভ হৈছে। প্ৰায় ১১ কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাইছে। ২.৭০লাখ লোক কাৰখানা আৰু ৬-৭ কোটি ক্ষুদ্ৰ-কুটীৰ শিল্পৰ কাম ব্যাহত হৈ পৰিছে। বিশেষজ্ঞৰ মতে ক’ৰোনা বনাম বেৰোজগাৰী যুঁজখন দেশৰ বাবে বিপদজনক হৈ পৰিছে। প্ৰথম অৱস্থাত ক’ৰোনাৰ সংক্ৰমণ কম আছিল। তেতিয়া প্ৰবাসী শ্ৰমিকসকলক ঘুৰাই অনাৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। কিন্তু বৰ্তমান পৰিস্থিতিয়ে ভয়াবহ ৰূপ লোৱাৰ সময়ত শ্ৰমিকসকলক ঘুৰাই অনাৰ ফলত গ্ৰামাঞ্চলতো সংক্ৰমণ আৰম্ভ হ’ব ধৰিছে।
এইদৰেই কেতবোৰ প্ৰশ্ন উত্থাপন কৰি তিনিটা সংগঠনে ব্যতিব্যস্ত কৰি তুলিছে কেন্দ্ৰক।

Leave A Reply

Your email address will not be published.