কংগ্ৰেছৰ পৰাজয় অৱধাৰিত

Share This Article

অৰূপ কলিতা

কংগ্ৰেছ কেৱল অসমতে বিধ্বস্ত হোৱা নাই ৷ শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰতিখন ৰাজ্যতে কংগ্ৰেছে শোচনীয় প্ৰদৰ্শন কৰিছে ৷ অসমত ৯৩ খন আসনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰিছে মাত্ৰ ২৯ খন আসনত ৷ পশ্চিমবংগত প্ৰতিদ্বন্দিতা কৰিছিল ৯২ খন আসনত ৷ জয়ৰ মুখতো নেদেখিলেই , ৮৫ শতাংশ আসনত আমানতৰ ধন বাজেয়াপ্ত হ’ল ৷ পুডুচেৰীত কোনোমতে ২ খন আসন লাভ কৰিলে ৷ তামিলনাডুত ডিএমকেৰ নেগুৰত ধৰিহে ক্ষমতাৰ অংশীদাৰ হ’ল ৷ অৱশ্যে ইয়াৰ বাবে কংগ্ৰেছে অহমিকা এৰি ষ্টালিনৰ চৰ্ত মানি ল’বলগীয়া হ’ল ৷ ২৩৪ খন আসনৰ মাত্ৰ ২৫ খন আসনহে কংগ্ৰেছক এৰি দিলে ডিএমকেই ৷ য’ত দলটোৱে ১৮ খন আসনত জয়লাভ কৰিবলৈ সক্ষম হয় ৷ আটাইতকৈ দুৰ্ভাগ্যজনক ফলাফল আহিল কেৰালাৰ পৰা ৷ য’ত এইবাৰ কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোট ক্ষমতালৈ অহাটো এক স্বাভাবিক পৰিঘটনা বুলি ভবা হৈছিল ৷ কিয়নো কেৰালাত বাম চৰকাৰৰ এটা কাৰ্যকালৰ পাছত কংগ্ৰেছ শাসনলৈ অহাটো বিগত ৪০ বছৰৰ পৰম্পৰা ৷ এইবাৰ তাৰ ব্যতিক্ৰম হ’ল ৷ দ্বিতীয়টো কাৰ্যকালৰ বাবে এক মসৃণ বিজয় সাব্যস্ত কৰিলে বাম শক্তিয়ে ৷ ১৪০ খন আসন থকা কেৰালাত কংগ্ৰেছে প্ৰতিদ্বন্দিতা কৰিছিল ৯১ খন আসনত ৷ ভাল খবৰ আহিল মাত্ৰ ২১ খন আসনৰ পৰা ৷ কংগ্ৰেছৰ এই পৰাজয় দুৰ্ভাগ্যজনক আৰু লজ্জাজনক এইবাবেই যে দলটোৰ মূল মানুহ ৰাহুল গান্ধী বৰ্তমান কেৰালাৰ ৱাইনাড সমষ্টিৰ সাংসদ ৷ তেওৰ উপস্থিতিত ৰাজ্যখনত কংগ্ৰেছে ইতিহাসৰ অন্যতম নিকৃষ্ট প্ৰদৰ্শন কৰিছে ৷ এই শোচনীয় পৰিণতিৰ বাখ্যা কিদৰে কৰিব সৰ্বভাৰতীয় কংগ্ৰেছ নেতৃত্বই ৷ অসমৰ ব্যৰ্থতাৰ দায় নতুন আঞ্চলিক দল দুটালৈ ঠিকেই ঠেলিছে কিন্তু বিপৰ্যয় কেৱল অসমতে হোৱা নাই ৷ পশ্চিমবংগ , পুডুচেৰী , কেৰালা – সকলোতে কংগ্ৰেছ দুখলগাকৈ পৰাস্ত হৈছে ৷ ইয়াৰ দায় কোনে মূৰ পাতি ল’ব ? আনলৈ দোষ ঠেলিলেই ক্ৰমাগত বিপৰ্যয়ৰ অৱসান নঘটিব ৷ কাৰণ , কংগ্ৰেছ মূৰৰ পৰাই গেলিছে ৷ কংগ্ৰেছৰ সাৰ্বিক বিফলতা , ধাৰাবাহিক পতন আৰু কৰুণ নিৰ্বাচনী পৰিণতিৰ বাবে দায়ী কেৱল আৰু কেৱল দলটোৰ নেতৃত্ব বহনকাৰী পৰিয়াল আৰু তেওলোকৰ চাটুকাৰ বাহিনী ৷ এই সামান্য সঁচা কথাটো যেতিয়ালৈকে কংগ্ৰেছৰ নেতাসকলে মানি নল’ব , তেতিয়ালৈকে বিগত দিনত জনতাই কৰা বাৰাম্বাৰ প্ৰত্যাখ্যানৰ সঠিক পৰ্যালোচনাও সম্ভৱ নহ’ব ৷

যুদ্ধৰ প্ৰাকমূহুৰ্তত সকলো দলেই নিজৰ সেনাপতি নিৰ্বাচন কৰে , তেওৰ নেতৃত্বত যুদ্ধ জয়ৰ কৌশল আৰু পৰিকল্পনা প্ৰস্তুত কৰে ৷ কিন্তু ইতিহাসত কংগ্ৰেছেই বোধকৰো একমাত্ৰ দল যিয়ে নিৰ্বাচন সমাগত বাবেই দলৰ স্থায়ী সভাপতি নিৰ্বাচনৰ কামটো স্থগিত ৰাখিছে ৷ কোনো বিশাল লক্ষ্যপ্ৰাপ্তিৰ বাবে কংগ্ৰেছে এই কাম কৰা নাই ৷ কংগ্ৰেছ হাইকামাণ্ড নিশ্চিত আছিল যে পাঁচোখন ৰাজ্যতে তেওলোকৰ পৰাজয় অৱধাৰিত ৷ সেই আবশ্যম্ভাবী বিফলতাৰ দায়ৰ পৰা নিজক ৰক্ষা কৰিবৰ বাবেই শীৰ্ষ নেতৃত্বই পলায়নৰ সহজ পথ আগতীয়াকৈ ঠিক কৰি ল’লে ৷ বিজয়ৰ বাবে পূৰ্ণ শক্তিৰে যুদ্ধ নহয় ,পৰাজয়ৰ গ্লানিৰ পৰা আত্মৰক্ষা কৰাহে ৰাহুল গান্ধী আৰু তেওৰ স্তাৱক বাহিনীৰ মূল উদ্দেশ্য ৷ কংগ্ৰেছক গুৰিয়ালহীন নাৱৰ দৰে চলিবলৈ দি তেওলোকে ইয়াকে প্ৰতিপন্ন কৰিছে ৷ যেতিয়াই কগ্ৰেছৰ ভিতৰচ’ৰাত আমূল পৰিৱৰ্তনৰ পোষকতা কৰা হৈছে , তেতিয়াই দলৰ মূল কাণ্ডাৰী পৰিয়ালটো চৰম প্ৰতিশোধ পৰায়ন হৈ উঠিছে ৷ শেহতীয়াকৈ ২৩ গৰাকী জে্যষ্ঠ নেতাই ছোনিয়া গান্ধীলৈ পত্ৰ লিখি দলৰ সীমাবদ্ধতা আৰু নেতৃত্বৰ সংস্কাৰৰ পোষকতা কৰিছিল ৷ লগে লগে তেওলোকক এঘৰীয়া কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তোলা হ’ল ৷ একেসময়তে কংগ্ৰেছ ৱৰ্কিঙ কমিটী নামৰ স্তাৱক বাহিনীটোৱে ৰাহুল গান্ধীৰ হাত শক্তিশালী কৰাৰ প্ৰস্তাৱ ল’লে ৷ তেওক নতুন প্ৰজন্মৰ প্ৰেৰণাৰ প্ৰতীক হিচাপে অভিহিত কৰিলে ৷ উত্তৰাধিকাৰসূত্ৰে এটা পৰিয়ালৰ আধিপত্য বজাই ৰখা আৰু তেওলোকৰ নি:চৰ্ত উপাসনা কৰি যোৱা- এয়াই হৈছে কংগ্ৰেছ দল পৰিচালনাৰ মূল নীতি ৷ এনে এটা দলে নিজৰ পৰাজয়ৰ দোষ আনলৈ ঠেলি দিব বিচৰাতো পলায়নৰে অন্য এক পথ ৷

কংগ্ৰেছে এতিয়াও ভাবি আছে যে এদিন ভাৰতীয় ভোটাৰ বিজেপিৰ ওপৰত দুৰ্ঘোৰ অসন্তুষ্ট হ’ব ,তেতিয়াই তেওলোকে কংগ্ৰেছৰ হাতত শাসনভাৰ তুলি দিব ৷ এনে এক ভাবনাৰেই দেশৰ সবাতোকৈ পুৰণি দলটো এতিয়া অসীমৰ পথৰ যাত্ৰী ৷ বাস্তৱৰ লগত মোকাবিলা কৰিবলৈ , সময়সাপেক্ষ কৌশল গ্ৰহণ কৰিবলৈ তেওলোক অনিচ্ছুক ৷ সেইবাবেই উপৰ্যুপৰি বিপৰ্যয়ৰ পাছতো ৰাহুল গান্ধীক বাৰাম্বাৰ মূল নেতা হিচাপে প্ৰক্ষেপ কৰি আছে ৷ ৰাজ্যিক স্তৰতো চাটুকাৰৰ বাহিৰে আন যোগ্যজনৰ সন্মুখৰ শাৰীত বহিবলৈ আসন নাই ৷ একেৰাহে জনতাই প্ৰত্যাখ্যান কৰাৰ পাছতো যদি একেখিনি মানুহকে প্ৰক্ষেপ কৰি যোৱা হয় ,তেনেহ’লে তাক বিজেপিৰ বিকল্প হিচাপে নহয় , ভোটাৰ ৰাইজৰ প্ৰতি চৰম অপমান হিচাপেহে গণ্য কৰা হয় ৷ কংগ্ৰেছৰ উচ্ছিষ্টেই যাৰ জীৱিকাৰ একমাত্ৰ সম্বল তেওলোকেও এই সৰল সত্যক স্বীকাৰ কৰি লোৱা ভাল ৷ অন্যথা ঐতিহ্যশালী দলটোৰ বেলি মাৰ যাবলৈ বেছি পৰ নাই ৷

এই প্ৰসংগবোৰ যেতিয়াই আলোচিত হয় , তেতিয়াই কংগ্ৰেছে জোৰ জোৰকৈ নীতিৰ কথা আওৰাবলৈ লয় ৷ এশ বছৰ শাসনৰ পৰা বাহিৰত থাকিলেও , নীতিৰ প্ৰশ্নত আপোচ নহ’ব – তেনে এক ভাবমূৰ্তিক দাঙি ধৰিবলৈ চেষ্টা চলায় ৷ কিন্তু কংগ্ৰেছ মানেই নীতিহীনতা আৰু দ্বিৰাচাৰিতাৰ উৎকৃষ্ট উদাহৰণ , তাক বুজিবলৈ শেহতীয়া নিৰ্বাচনটোৱে যথেষ্ট আছিল ৷ পশ্চিমবংগত বিজেপিক মূল শত্ৰুৰূপে গণ্য কৰি বামপন্থীৰ লগত কংগ্ৰেছে মহাজোট কৰিছে অথচ কেৰালাত বাওশক্তিক ওফৰাবলৈ মুছলীম লীগেৰে একজোট হৈছে ৷ অসমত আঞ্চলিক দলক সামান্য ঠাই এৰি দিবলৈ অনিচ্ছুক অথচ তামিলনাডুত শাসনলৈ আহিবৰ বাবে ডিএমকেৰ নেগুৰত ধৰিবলৈ উত্ৰাবল ৷ কংগ্ৰেছৰ দৃষ্টিত মোদী-শ্বাহ সাম্প্ৰদায়িক অথচ আব্বাছ চিদ্দিকি- আজমল ধৰ্মনিৰপেক্ষতাৰ প্ৰতিভূ ৷ বিজেপিক মূল শত্ৰুৰূপে চিহ্ণিত কৰাৰ কথা কয় অথচ ঠাইবিশেষে বিৰোধী শক্তি সন্দৰ্ভত তেওলোকৰ দৃষ্টিভংগী বেলেগ বেলেগ ৷ দ্বিৰাচাৰিতাৰো এটা সীমা থাকে , কংগ্ৰেছে সেই সীমা মুকলিকৈ অতিক্ৰম কৰিছে ৷ ইমানৰ পাছতো যদি কোনোবাই কংগ্ৰেছকে একমাত্ৰ বিকল্প হিচাপে লৈছে , তেনেহ’লে সেয়া তেওলোকৰ চিন্তা আৰু সাহসৰ সীমাবদ্ধতা ৷

নীতিৰ প্ৰশ্নতেই নহয় , বিজেপিক পৰাভূত কৰিবলৈ বাস্তৱসন্মত ৰণকৌশল লোৱাটো কংগ্ৰেছ দুখলগাকৈ ব্যৰ্থ ৷ বৰ্তমানৰ লগত মুখামুখি হোৱাৰ সাহস কংগ্ৰেছ নেতৃত্বৰ নাই ৷ সেইবাবেই তেওলোকে পৰম ধৈৰ্যৰে এনে এটা দিনলৈ বাট চাইছে যে বিজেপিক ভোট দি দি জনতা এদিন ক্লান্ত হ’ব আৰু সেই হতাশাৰ ফচল কংগ্ৰেছে কাটিব ৷ তেতিয়ালৈকে ৰাহুল গান্ধীয়ে টুইটাৰকে আত্মৰক্ষাৰ ঢাল হিচাপে ব্যৱহাৰ কৰি যাব আৰু ৰাজ্যিক নেতাবোৰে আনলৈ ব্যৰ্থতাৰ দোষ ঠেলি নিজৰ গা বচাই যাব ৷ইয়াতকৈ ডাঙৰ বিভ্ৰম কি হ’ব পাৰে ! যুদ্ধৰ আগতে আত্মসমৰ্পন আৰু পৰাজয়ৰ পাছত অজুহাত বিচৰাটো কংগ্ৰেছৰ নতুন সংস্কৃতিত পৰিণত হৈছে ৷ যাৰ প্ৰতিফলন শেহতীয়া নিৰ্বাচনসমূহত অতি স্পষ্টকৈ ধৰা পৰিছে ৷ৰোগৰ চিকিৎসা দূৰৈৰ কথা , ৰোগ নিৰ্ণয় কৰিবলৈকো কংগ্ৰেছ এতিয়া সাজু নহয় ৷ দলত উত্তৰাধিকাৰ সাব্যস্ত কৰিবলৈ ৰাহুল গান্ধী যিদৰে আকোৰগোজ , সেইদৰে আনুগত্যৰে নিজৰ চকী বচাই ৰাখিবলৈ তলতীয়া নেতাসকলে ভৃত্যৰ দৰে আচৰণ কৰি গৈছে ৷ এনে এক পৰিস্থিতিত যদি বিজেপি বা নৰেন্দ্ৰ মোদীক দেশৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰা হয় ,তেনেহ’লে কংগ্ৰেছ বা ৰাহুল গান্ধী হ’ব এই গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ দুৰ্ভাগ্য ৷ বিৰোধী নেতা হিচাপেই নহয় , গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধাশীল এজন নাগৰিক হিচাপেও ৰাহুল গান্ধী নিজৰ দায়িত্ব পালনত ব্যৰ্থ ৷ যাৰ বাবে আহিবলগীয়া সময়তো তেওলোকৰ পৰাজয় অৱধাৰিত ৷ কংগ্ৰেছৰ পৰাজয়ৰ আন কোনো বাখ্যা থাকিব নোৱাৰে ৷ তেওলোকৰ সকলো যুক্তি পলায়নৰ একোটা অজুহাত মাত্ৰ ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.