কংগ্ৰেছৰ আমোলত কৰোনা ভাইৰাছৰ দৰে মহামাৰী হোৱা হ’লে কি হ’ল হয়? ক’লে নৰেন্দ্ৰ মোদীয়ে

আজি ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰৰ উদ্ধোধনী অনুষ্ঠানত মন্তব্য দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্চৰ্য প্ৰকাশ কৰি কয় যে কৰোনা ভাইৰাছৰ দৰে মহামাৰী ২০১৪ ৰ আগত হোৱা হ’লে দেশে কেনেদৰে যুঁজিলে হেতেন! কেনেদৰে পালন কৰিলে হেতেন লকডাউন যিহেতু তেতিয়া দেশৰ ৬০% লোকে খোলাতে মল মূত্ৰ ত্যাগ কৰিছিল।

প্ৰধান মন্ত্ৰীয়ে আশ্চৰ্য্য প্ৰকাশ কৰি সোধে যে পৰ্যাপ্ত শৌচাগাৰ নথকা গ্ৰাম্য অঞ্চল সমূহত কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিব পৰা গ’ল হেতেন নে?

প্ৰধান মন্ত্ৰীয়ে স্বচ্ছতা অভিযানৰ অৱদানক প্ৰশংসা কৰি কয় যে স্বচ্ছতা অভিযানে ভাৰতৰ কৰোনা ভাইৰাছৰ বিৰুদ্ধে চলা যুজঁখনক সবল কৰি তুলিছে।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে