ঐক্যবদ্ধ বিৰোধীয়েহে প্ৰতিৰোধ কৰিব বিজেপিক !

Share This Article

উত্তৰ পূৰ্বাঞ্চলৰ ৩ খন ৰাজ্যত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।নেতৃত্বৰ ভুলৰ বাবেই দেশৰ ৰাজনীতিত অপ্ৰাসংগিক হৈছে কংগ্ৰেছ।বিজেপিক পৰাজিত কৰিবলৈ হলে অসমত এআইইউডিএফৰ সংগ এৰিব লাগিব কংগ্ৰেছে।কংগ্ৰেছে বাস্তৱতাক উপলব্ধি নকৰিলে অসমৰ ৰাজনীতিতো ইতিহাস হব ৷আপ অথবা তৃণমূল কংগ্ৰেছে নহয় আঞ্চলিকতাবাদী শিৱিৰেহে অসমৰ ৰাজনীতিত বিজেপিৰ প্ৰকৃত বিকল্প হ’ব পাৰিব।কংগ্ৰেছৰ একাংশ নেতাই মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মাৰ ওচৰত আত্মসমৰ্পণ কৰাটো দুৰ্ভাগ্যজনক বুলিও তেওঁ মন্তব্য দিয়ে।বিৰোধীৰ ভোটৰ বিভাজনৰ বাবে অসমত বিজেপি জয়ী হৈছে যত হিমন্ত সৰ্বানন্দৰ কৃতিত্ব একো নাই বুলিও স্পষ্টকৈ কয় ৰাইজৰ দলৰ নেতা জনে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.