কেৰেলাত এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ IX 1344 বিমানৰ দুর্ঘটনাত পাইলত সহ মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে

Share This Article

কেৰালাৰ কোঝিকোডত(কালিকত) সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। ১৪ গৰাকী গুৰুতৰ ভাবে আহত হোৱাৰ লগতে মুঠ আহত হৈছে ১২৩ জনকৈ যাত্ৰী।

কেৰেলাৰ কোঝিকোডত(কালিকত) বিমান বন্দৰত যোৱা নিশা ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল।

জানিব পৰা মতে বিমান খন প্ৰতিকূল বতৰৰ বাবে অৱতৰণৰ সময়ত দুটা ভাগত ভাঙি চূৰ্ণ হৈ যায়। ডুবাইৰ পৰা আহি থকা এয়াৰ ইণ্ডিয়াৰ প্লেন খনত প্ৰায় ১৯০ জন যাত্ৰী আছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.