এমাহ গ’ল,ন্যায় নাপালে মল্লযোদ্ধাই !

“ব্ৰীজভূষণ চৰণ সিঙে মোক হত্যা কৰিব বিচাৰিছিল৷ব্ৰীজভূষণ চৰণ সিঙক গ্ৰেপ্তাৰ নকৰালৈকে অব্যাহত থাকিব প্ৰতিবাদ।যৌন উৎপীড়নৰ সন্দৰ্ভত বাৰম্বাৰ আলোচনা কৰাটোও যন্ত্ৰণা।’এমাহত ভৰি দিলে দিল্লীৰ যন্তৰ মন্তৰত মল্লযুঁজাৰু সকলে কৰা প্ৰতিবাদী কাৰ্যসূচীয়ে। যোৱা ২৩ এপ্ৰিলৰ পৰা মল্লযুঁজাৰু সকলে যন্তৰ মন্তৰত আৰম্ভ কৰিছিল প্ৰতিবাদ। ভাৰতীয় ৰেচলিং ফেডাৰেচনৰ অধ্যক্ষ তথা লোকসভাৰ সাংসদ ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি ব্যৱস্থা গ্ৰহণৰ দাবীত মল্লযুঁজাৰু সকলে অব্যাহত ৰাখিছে প্ৰতিবাদ। মল্লযুঁজাৰুসকলৰ দাবী ব্ৰীজভূষণ চৰণ সিঙক গ্ৰেপ্তাৰ কৰা।প্ৰতিবাদী কাৰ্যসূচীয়ে এনে অৱস্থা পাইছেহি যে ব্ৰীজভূষণ চৰণ সিঙে নাৰ্ক’ টেষ্টৰ সন্মুখীন হ’ব বুলিও ঘোষণা কৰিছে। ব্ৰীজভূষণ চৰণ সিঙৰ এনে ঘোষণাৰ পাছতে মল্লযুঁজাৰু সকলেও দেশবাসীয়ে দেখাকৈ নাৰ্ক’ টেষ্ট লাইভ কৰিবলৈ জনাইছে প্ৰত্যাহ্বান। এনে চৰ্চা চলি থকাৰ মাজতে প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা মল্লযুঁজাৰু বিনেশ ফোগাটে মঙলবাৰে ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতত লিখা এটা লেখাই ব্যাপক চৰ্চা লাভ কৰিছে। ”লাইক মেনি আদাৰ গাৰ্লছ, আই হেড টু চাফাৰ চাইলেণ্টলি অল দিজ ইয়েৰছ বিকজ অৱ দিছ মিন…..হোৱাই ব্ৰীজ ভূষণছ বিয়িং প্ৰটেক্টেড ইজ এনিৱানছ গেছ” শীৰ্ষক লেখাটোত বিনেশ ফোগাটে ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। লেখাটোত মল্লযুঁজাৰু গৰাকীৰ অতি গুৰুতৰ অভিযোগ—”ব্ৰীজভূষণ চৰণ সিঙে মোক হত্যা কৰিব বিচাৰিছিল।সেই কাৰণে প্ৰথমে অভিযোগ দাখিল কৰা নাছিলোঁ৷ব্ৰীজভূষণ চৰণ সিঙে কেইবাগৰাকীও মহিলা মল্ল যুঁজাৰুক যৌন নিৰ্যাতন চলাইছে।”যোৱা কেইবাবছৰো যৌন নিৰ্যাতন চলাই অহাৰ পাছতো হত্যা কৰাৰ ভয়তে ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল কৰা নাছিল বুলি স্পষ্ট কৰি দিয়ে বিনেশ ফোগাটে। এছিয়ান,কমনৱেলথ গেমছ আৰু ৱল্ড ৰেচলিং চেম্পিয়নশ্বিপতো পদক প্ৰাপ্ত বিনেশ ফোগাটে লেখাটোত লিখিছে—ন্যায়ৰ যুঁজখন অতি কঠিন। ইয়াৰ বাবে সময় লাগে।যোৱা এমাহ ধৰি ন্যায় প্ৰাপ্তিৰ বাবে যন্তৰ মন্তৰত প্ৰতিবাদ কৰি থকা হৈছে।এই প্ৰতিবাদত ম’হৰ কামোৰ ,কুকুৰ অহা,উৎকট গৰম আৰু শৌচালয় নথকাৰ কথাও উল্লেখ কৰিছে খেলুৱৈগৰাকীয়ে।যৌন নিৰ্যাতনৰ সন্দৰ্ভত বাৰম্বাৰ আলোচনা কৰি থকাটো এক যন্ত্ৰণা বুলি উল্লেখ কৰি বিনেশ ফোগাটে লিখিছে ‘প্ৰতিবাদৰ এমাহ হ’ল যদিও আমি ন্যায় পোৱা নাই কিন্তু ব্ৰীজভূষণ চৰণ সিঙক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ।”ইফালে আগন্তুক এছিয়ান গেমছৰ সন্দৰ্ভতো বিনেশ ফোগাটে ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ লেখাটোত কিছু কথা লিখিছে। বিনেশ ফোগাটে লিখিছে—’এছিয়ান গেমছ পালেহি।আমি ভাৰতক প্ৰতিনিধিত্ব কৰি পদক জিকিব লাগিব৷এইখন এখন ডাঙৰ যুদ্ধ।যদি আপুনি ন্যায় বিচাৰি যুঁজ নকৰে তেন্তে আপুনি ডিঙিত পদক ওলমাই থোৱাৰ অৰ্থ কি?’ এনেকৈয়ে নিজৰ লেখাটোত বিনেশ ফোগাটে উজাৰিছে বহু ক্ষোভ আৰু অভিযোগ। কিন্তু প্ৰশ্ন হ’ল মল্লযুঁজাৰুসকলে ন্যায় পাবনে? ব্ৰীজভূষণ চৰণ সিং গ্ৰেপ্তাৰ হ’বনে?এইটোৱেই এইমুহূৰ্তত ডাঙৰ প্ৰশ্ন

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296