সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এবছৰ পাৰ নৌহওঁতেই প্ৰতাৰণাৰ ৰাজনীতি আৰম্ভ কৰিছে নেকি?

নিবনুৱাক লুণ্ঠনৰ জাল মেলিছে চৰকাৰে।যিখন চৰকাৰে নিবনুৱাক কর্মসংস্থাপনৰ সপোন দেখুৱাই ক্ষমতালৈ আহিছিল, সেইখন চৰকাৰেই এতিয়া নিবনুৱাৰ জেপ খালী কৰাৰ ফন্দি ৰচনা কৰিছে।ৰাজ্যত ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালৰ এটা বছৰ সম্পূৰ্ণ নৌহওঁতেই আৰম্ভ হৈছে প্ৰতাৰণাৰ ৰাজনীতি।
শিক্ষাৰ্থীক বিনামূলীয়া পাঠ্যপুথি,বিনামূলীয়া ইউনিফৰ্ম আনকি শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তি আৰু পৰীক্ষাৰ মাচুলপর্যন্ত ৰেহাই দি আহিছে অসম চৰকাৰে।
এই সুবিধা এইকাৰণেই প্ৰদান কৰা হৈছিল যাতে কোনোৱেই শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত নহয়।কিন্তু শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত নহলেও আপুনি বঞ্চিত হব পাৰে চাকৰিৰ অধিকাৰৰ পৰা।টকাৰ অভাৱত এটা সংস্থাপন লাভৰ আপোনাৰ যি দীৰ্ঘদিনীয়া সপোন সেয়া পূৰণ নহবগৈও পাৰে।শেহতীয়াভাৱে কলেজ শিক্ষকৰ পদ পূৰণৰ বাবে চৰকাৰে দিয়া ঘোষণাত এই কথাই প্রায় স্পষ্ট হৈ পৰিছে। ৰাজ্যৰ বিভিন্ন কলেজত খালী হৈ থকা ৭৪৩ টা শিক্ষকৰ পদ পূৰণৰ বাবে উচ্চ শিক্ষা বিভাগে অলপতে বিজ্ঞাপন প্রকাশ কৰিছিল। কিন্তু আশ্চৰ্জনক কথাটো হ’ল যে প্ৰতিটো পদত আবেদনৰ বাবে ধার্য্য কৰা মাছুলৰ পৰিমাণ হল ২,০০০ টকাৰ পৰা ৩,০০০ টকা।কোনো এজন প্ৰাৰ্থীয়ে যদি ১০ খন কলেজত থকা একে বিভাগৰ ১০ টা পদৰ বাবে পৃথকে পৃথকে আবেদন কৰিবলগীয়া হয় তেনেহলে সেই প্ৰাৰ্থীজনে কেৱল চাকৰিৰ আবেদনৰ বাবেই ২০ হাজাৰ টকাৰ পৰা ৩০ হাজাৰ টকা পৰ্যন্ত আবেদন মাচুল আদায় দিব লাগিব।কিন্তু যি সময়ত চৰকাৰখনে ছাত্ৰ- ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম আদি দিয়াৰ লগতে শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তি আৰু পৰীক্ষাৰ মাচুলপর্যন্ত ৰেহাই দিছে, সেই সময়ত কলেজ শিক্ষকৰ পদত আবেদন কৰাৰ বাবে ইমান পৰিমাণৰ মাচুল ধার্য কৰা কাৰ্যই ক্ষোভিত কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ মেধাবী দুখীয়া ছাত্র ছাত্ৰীক।তেওঁলোকৰ মতে,এ পি এছ চি, ইউ পি এছ চি আদিৰ দৰে উচ্চ স্তৰৰ পৰীক্ষাসমূহতো আবেদন মাচুল যথেষ্ট কম।ইয়াৰ তুলনাত কলেজ শিক্ষকৰ পদৰ বাবে ইমান পৰিমাণৰ মাচুল ধার্য্য কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য হব নোৱাৰে।এই বৃহৎ পৰিমাণৰ মাচুল আদায় দিবলগীয়া হোৱাটো নিবনুৱাক মাধমাৰ শোধোৱাৰ বাহিৰে আন একো নহয়।এয়া নিবনুৱাৰ প্ৰতি চৰকাৰৰ কোনো দায়বদ্ধতা হব নোৱাৰে।সেয়েহে এই পৰিমাণৰ মাচুল হ্ৰাস কৰাৰ বাবে সৰ্বত্ৰে দাবী উত্থাপন হৈছে।কলেজ শিক্ষক নিযুক্তিৰ এই নতুন নিৰ্দেশনাত উল্লেখ থকা নম্বৰৰ বৈষম্যৰ কথা নকলোৱেইবা,এই সম্পৰ্কে আমি পূৰ্বৰ প্ৰতিবেদনত বিস্তাৰিত ভাবে আলোচনা কৰিছো।কিন্তু ইয়াৰ বাহিৰেও এই বিজ্ঞাপনক লৈ আন এক বিসংগতি পূৰ্ণ বিষয় হল যে প্ৰাৰ্থীসকলক অনলাইনৰ পৰিবৰ্তে অফ লাইন ব্যৱস্থা যোগে আবেদন জনাবলৈ কোৱা হৈছে।যি সময়ত চৰকাৰে প্ৰায় সকলো ব্যৱস্থাই অনলাইন কৰিবলৈ গৈ আছে,সেই সময়ত অফলাইন যোগে কলেজ শিক্ষকৰ বাবে আবেদন কৰিবলৈ দিয়াৰ ৰহস্য কি?এই অফলাইনযোগে দূৰৈৰ প্ৰাৰ্থীসকলে ডাকযোগে আবেদন পঠিয়াব লাগিব।নিৰ্ধাৰিত সময়ৰ ভিতৰত এই আবেদনপত্ৰসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষৰ হাতত জমা হোৱাৰো কোনো নিশ্চয়তা নাথাকিব।তদুপৰি এই ব্যৱস্থাৰ দ্বাৰা যোগ্যজনক বঞ্চিত কৰাৰো ষড়যন্ত্ৰ ৰচনা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থীসকলে।কিয়নো কোনো হাত দীঘল প্ৰাৰ্থীৰ হেঁচাতেই হওক বা কৰ্তৃপক্ষই সাক্ষাৎকাৰৰ পূৰ্বেই নিৰ্ধাৰণ কৰি থোৱা সিদ্ধান্তৰ ভিত্তিতেই হওক কোনো মন পছন্দৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ স্বাৰ্থতেই যোগ্যজনলৈ পলমকৈ কলিং লেটাৰ পঠোৱাৰ সম্ভাৱনীয়তাও নুই কৰিব নোৱাৰি। গতিকে এই ব্যৱস্থা সলনি কৰিবলৈ প্ৰাৰ্থীসকলে চৰকাৰক আবেদন জনাইছে।
ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।চৰকাৰৰ এনে সিদ্ধান্ত ৰাজ্যৰ নিবনুৱাৰ ওপৰত মাধমাৰ আখ্যা দিছে সদৌ অসম ছাত্ৰ সন্থাই।আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয় যে এইখন চৰকাৰে মাইক্র’ফাইনেন্সৰ ঋণ ৰেহাই দিব পাৰে,বিদ্যালয়ৰ নাম ভৰ্তিৰ মাচুল ৰেহাই দিব পাৰে,কিন্তু কলেজ শিক্ষকৰ পদৰ বাবে আবেদন মাচুল কমকৈ নিৰ্ধাৰণ কৰিব নোৱাৰে।এক লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা ঘোষণা কৰা চৰকাৰখনে নিবনুৱাৰ ওপৰত মাধমাৰ শোধাৱা বুলি মন্তব্য কৰি তেওঁ কয় যে বিনামূলীয়া শিক্ষা গ্ৰহণ কৰা ছাত্র-ছাত্ৰীসকলে শিক্ষা সম্পূৰ্ণ কাৰৰ পিছত তেওঁলোকৰ পৰা সেই মাচুল পুনৰ আদায় কৰিবৰ বাবে চৰকাৰে এনে সিদ্ধান্ত লৈছে।আনকি সৰ্বভাৰতীয় পৰীক্ষাতো ইমান পৰিমাণৰ আবেদন মাচুল নাথাকে বুলি মন্তব্য কৰি তেওঁ অতিশীঘ্ৰে তাক হ্ৰাস কৰিবলৈ দাবী জনায়।

 

- Donation -

Leave A Reply

Your email address will not be published.