এতিয়াৰ পৰা সকলো কেন্দ্ৰ চৰকাৰৰ চাকৰিৰ বাবে অনুষ্ঠিত হ’ব এটাই পৰীক্ষা

Share This Article

কেন্দ্ৰীয় কেবিনেটে কেবিনেটে এইবাৰ দেশৰ চাকৰি প্ৰাৰ্থীৰ নিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিয়োগ এজেঞ্চী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গতিকে এতিয়াৰ পৰা বিভিন্ন বিভাগে পৃথকে পৃথকে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব। ৰাষ্ট্ৰীয় নিয়োগ এজেঞ্চীৰ জৰিয়তে এটা Common Eligibility Test (CET) অনুষ্ঠিত হ’ব আৰু ইয়াৰ দ্বাৰাই কেন্দ্ৰীয় চৰকাৰে বিভিন্ন বিভাগত খালী হোৱা পদ সমূহৰ লগতে পাব্লিক চেক্টৰ বেংকত চাকৰি প্ৰাৰ্থী নিয়োগ কৰিব।

কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তই কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ বাবে আবেদন জনোৱা প্ৰাৰ্থী সকলক সহায় কৰাৰ লগতে আগতকৈ সহজে চাকৰিত ভৰ্তি হ’ব পাৰিব বুলিও চৰকাৰী পক্ষই মত পোষণ কৰিছে। উল্লেখযোগ্য যে ইয়াৰ আগলৈকে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ বাবে প্ৰাৰ্থী সকলে IBPS, SSC আৰু RRB আদি পৰীক্ষাত অৱতীৰ্ণ হব লাগিছিল। গতিকে এই নতুন ব্যৱস্থাই প্ৰাৰ্থী সকলক কিছু পৰিমানে সকাহ দিব বুলি চৰকাৰে মত পোষণ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.