এতিয়াও অমীমাংসিত ভাৰত-চীনৰ সীমান্ত বিবাদ, পেংগং হ্ৰদৰ পৰা সেনা আঁতৰাবলৈ মান্তি নহয় চীন

Share This Article

লাডাখত ভাৰত আৰু চীনৰ সেনাৰ মাজত চলি থকা সীমা বিবাদৰ অন্ত পেলাবলৈ ভাৰত আৰু চীনৰ অধিকাৰীৰ মাজত হোৱা আলোচনাই এতিয়াও কোনো সমাধান সূত্ৰ উলিয়াব পৰা নাই।

যোৱা কালি WMCC (Working Mechanism for Consultation and Coordination in India-China Border)ৰ আধাৰত অনুষ্ঠিত হোৱা এক বৈঠকত দুয়োখন দেশৰ বিদেশ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধিকাৰী উপস্থিত থাকে যদিয়ো গ’গ্ৰা হট স্প্ৰিং আৰু পেংগং লেকৰ পৰা চীনে সৈন্য প্ৰত্যাহাৰ কৰিবলৈ প্ৰস্তুত নোহোৱাৰ বাবেই কোনো সমগ্ৰ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছে।

উল্লেখযোগ্য যে যোৱা কালিৰ WMCC ৰ আধাৰত দুয়োখন দেশৰ মাজত হোৱা এইয়া চতুৰ্থ নং আলোচনা। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনত প্ৰকাশ পোৱা অনুসৰি যোৱা তিনি খন আলোচনাৰ দৰে যোৱা কালিৰ আলোচনাৰ পিছত দিয়া বিবৃত্তিত LAC ত সৈন্য প্ৰত্যাহাৰৰ ক্ষেত্ৰত ‘অগ্ৰগতি'(progress) হোৱা বুলি অথবা ‘শীঘ্ৰে সম্পূৰ্ণ’ আদি শব্দ ব্যৱহাৰ হোৱা নাই। ইয়ে সমগ্ৰ প্ৰক্ৰিয়াটো অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.