এটকা,দুটকা নহয়,৪০ হাজাৰ কোটি খালে ক’ভিডৰ নামত !

Share This Article

ক’ভিডৰ নামত দেশৰ বিভিন্ন প্ৰান্তত ২০২০ চনত হৈছিল ভয়ংকৰ কেলেংকাৰী।অৱশ্যে ক’ভিড কেলেংকাৰী সংঘটিত প্ৰায়বোৰ ৰাজ্যই বিজেপি শাসিত হোৱা বাবে সেই ৰাজ্যবোৰৰ চৰকাৰৰ বিৰুদ্ধে ED,CBI আদিকে ধৰি কোনো চৰকাৰী সংস্থাই তদন্ত চলোৱা নাই।কিন্তু আশ্চৰ্যজনকভাৱে এই কেলেংকাৰীৰ অভিযোগ প্ৰমাণ সহ দিবলৈ সাজু হৈছে এগৰাকী বিজেপি বিধায়ক।কৰ্ণাটকৰ বি এছ য়েডুৰাপ্পা চৰকাৰৰ বিৰুদ্ধে ৪০ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰে একালৰ সতীৰ্থ বসনাগৌড়া পাটিল য়াটনালে৷য়াটনালে কয় যে ক’ভিডৰ একেবাৰে ভৰপক অবস্থাত বি এছ য়েডুৰাপ্পা নেতৃত্বাধীন চৰকাৰখনে এই কেলেংকাৰী সংঘটিত কৰিছিল৷বিজেপি বিধায়কগৰাকীয়ে উল্লেখ কৰে যে যিটো সময়ত এখন মাস্কৰ মূল্য ৪৫ টকা আছিল সেই সময়ত চৰকাৰে এখন মাস্কৰ মূল্য নিৰ্ধাৰণ কৰিছিল ৪৮৫ টকা।বিজেপি বিধায়কগৰাকীৰ এই অভিযোগৰ পিছতে কেইবাজনো বিজেপি বিধায়কে য়াটনাললৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণৰ আহ্বান জনাইছে।কিন্তু হাতত উপযুক্ত প্ৰমাণ থকা বুলি উল্লেখ কৰি বিজেপি বিধায়ক য়াটনালে কয় ‘বিজেপি চৰকাৰখন ক’ভিডৰ সময়ত যথেষ্ট দুৰ্নীতিত নিমজ্জিত হৈছে।তেওঁলোকে মোলৈ এখন জাননী প্ৰেৰণ কৰিলেই অথবা মোক দলৰ পৰা বহিস্কাৰ কৰিলেই মই তেওঁলোকৰ মুখা খুলি দিম।’উল্লেখ্য যে কৰ্ণাটকত বিজেপিৰ মাজত তীব্ৰ বিসম্বাদে গা কৰি উঠিছে৷প্ৰাক্তন মুখ্যমন্ত্ৰী য়েডুৰাপ্পা অথবা তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে যথেষ্ট সংখ্যক বিধায়ক ক্ষোভিত হৈছে ।বিশেষকৈ য়াডুৰাপ্পাৰ দ্বিতীয় পুত্ৰ বি ওৱাই বিজয়েন্দ্ৰক বিজেপিৰ সভাপতি পদত অধিষ্ঠিত কৰাৰ পিছতে বিজেপিৰ কিছুসংখ্যক লোক ক্ষোভিত হৈ পৰিছে।‘ এখন ৪৫ টকীয়া মাস্কৰ মূল্য তেওঁলোকে ৪৮৫ টকা কৰিলে’- বিজেপি বিধায়ক গৰাকীয়ে বিজয়পুৰাত এনেদৰে মন্তব্য দিয়ে।‘ বিজেপি চৰকাৰে বেংগালুৰুত ১০ হাজাৰ বিচনা সাজু কৰিছিল।এই বিচনাবোৰ আকৌ ভাড়াত লোৱা হৈছিল। যদি তেওঁলোকে এই বিচনা ক্ৰয় কৰিলেহেঁতেন,তেন্তে এখনৰ ভাড়াত দুখন বিচনা ক্ৰয় কৰিব পাৰিলেহেঁতেন।তেওঁলোকে এখন বিচনাৰ বাবদ প্ৰতিদিনে ভাড়া দিছিল ২০ হাজাৰ টকা।দুডাল চেলাইন ষ্টেণ্ডৰ ভাড়া আছিল ২০ হাজাৰ৷আপোনালোকে শুনিলে আচৰিত হ’ব যে এইখন চৰকাৰে ক’ভিডৰ নামত কিমান ধনৰ লুণ্ঠন চলালে?’-এনেদৰে মন্তব্য কৰে বিধায়কগৰাকীয়ে।আনকি এই সম্পৰ্কীয় সকলো তথ্য পাবলিক একাউণ্টচ কমিটিৰ অধ্যক্ষৰ লগত থকা বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে।তেওঁ লগতে কয় যে এগৰাকী ক’ভিড ৰোগীৰ বাবদ ৮ ৰ পৰা ১০ লাখকৈ বিল বনোৱা হৈছিল। আনকি তেওঁ মণিপাল হস্পিতালত চিকিৎসাধীন হৈ থাকোঁতে তেওঁৰ চিকিৎসা ব্যয় হৈছিল ৫.৮ লাখ৷বিজেপি বিধায়কগৰাকীয়ে শীঘ্ৰেই এই সম্পৰ্কীয় সকলো তথ্য ৰাজহুৱা কৰাৰো হুংকাৰ দিয়ে।অৱশ্যে কেৱল কৰ্ণাটকতেই নহয়,অসমতো পিপিই কিটৰ নামত সংঘটিত হৈছিল ভয়ংকৰ কেলেংকাৰী।অসমৰ পিপিই কিটৰ কেলেংকাৰীৰ তথ্য ইতিমধ্যে ক্ৰছ কাৰেণ্টেই ৰাজহুৱা কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.