এইবাৰ বিজেপিক উভতি ধৰিলে আন্না হাজাৰেই

Share This Article

এইবাৰ ভাৰতীয় জনতা পাৰ্টিক উভতি ধৰিলে আন্না হাজাৰেই। ২০১১ চনৰ সমগ্ৰ ভাৰত বৰ্ষ জুৰি হোৱা দুৰ্নীতি বিৰোধী আন্দোলনৰ গুৰি ধৰোতা আন্না হাজাৰেক বিজেপি দলৰ দিল্লী ৰাজ্যিক সমিতিয়ে আম আদমী পাৰ্টিৰ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী আন্দোলনৰ গুৰি ধৰিবলৈ আহ্বান জনাইছিল। কিন্তু উক্ত আহ্বান অস্বীকাৰ কৰি নেতা জনে কয় যে বিজেপি দলে ২০১৪ ৰ নিৰ্বাচনৰ সময়ত এখন দুৰ্নীতি মুক্ত ভাৰত গঢ়াৰ সপোন দেখুৱাই শাসনলৈ আহিছিল। এতিয়া ৬ বছৰ অতিক্ৰম হোৱাৰ পিছতো সেই ২০১১ চনৰ দৰে এক আন্দোলন কৰিবলৈ বয়োজ্যেষ্ঠ নেতা জনক আহ্বান কৰাটোতকৈ দুৰ্ভাগ্য জনক একো নাই।

আন্না হাজাৰেই দিল্লী বিজেপিৰ সভাপতিলৈ লিখা উক্ত পত্ৰত আৰু কয় যে CBI, ED আৰু পুলিচ আদিৰ দৰে দুৰ্নীতি নিৰ্মূল কাৰণত ব্যৱহাৰ কৰিব পৰা আটাইবোৰ সংস্থান কেন্দ্ৰীয় চৰকাৰৰ অধীনস্ত। তেনেক্ষেত্ৰত দিল্লী চৰকাৰে যদি সচাই কোনো দূৰ্নীতি কৰিছে, দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতাৰ কথা কোৱা কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত কিয় কোনো ব্যৱস্থা লোৱা নাই বুলি বিজেপি ক প্ৰশ্ন সোধি নেতা জনে কয় যে নে দিল্লী ৰ আম আদমী চৰকাৰৰ বিৰুদ্ধে অনা দুৰ্নীতিৰ অভিযোগ আচলতে ফোঁপোলা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.