সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এইবাৰ আমেৰিকাৰ ৰোষত পৰিব নেকি যোগী আদিত্যনাথ?

এনকাউন্টাৰৰ বিচাৰ হব এইবাৰ আমেৰিকাত৷শেহতীয়া সময়খিনিত অসমত সংঘটিত হৈছে প্ৰায় ৮০ ৰো অধিক এনকাউন্টাৰ৷এনকাউন্টাৰত প্ৰাণ গৈছে বহুকেইজন অভিযুক্তৰো৷কেইবাটাও এনকাউন্টাৰ সোমাই পৰিছে বিতর্ক আবর্তত৷সেইবাবেই বিভিন্ন সময়ত,এনকাউন্টাৰক লৈও তদন্তৰ দাবী কৰি আহিছে বিভিন্ন পক্ষই ৷ অসমৰ দৰেই এনকাউন্টাৰে জোকাৰি যোৱা দেশৰ আন এখন ৰাজ্য হল উত্তৰ প্ৰদেশ৷যোগী আদিত্যনাথ উত্তৰ প্ৰদেশে ইতিহাস ৰচিছে এনকাউন্টৰৰ সংখ্যাত৷যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ এনকাউন্তাৰ সংস্কৃতিক লৈ বিভিন্ন সময়ত উত্থাপন হৈ আহিছে অভিযোগ৷কিন্তু এইবাৰ এনকাউন্টাৰৰ বাবে যোগী আদিত্যনাথৰ বিৰুদ্ধে তদন্তৰ দাবী উঠিছে আমেৰিকাত৷
২০১৭ চনৰ পৰা যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত সংঘটিত এনকাউন্টাৰত মৃত্যু হৈছে অতিকমেও ১৪৬ গৰাকী লোকৰ৷এই অভিযোগ গুৱেৰনিকা 37 নামৰ এটা আন্তৰাষ্ট্ৰীয় অধিবক্তা সংস্থাৰ৷৯ ফেব্ৰুৱাৰীত এই সংস্থাটোয়ে উত্তৰ প্ৰদেশত সংঘটিত এনকাউন্টাৰ সর্ন্দভত তথ্য দাখিল কৰিছে আমেৰিকা যুক্তাৰাষ্ট্ৰৰ বিদেশ বিভাগ আৰু আমেৰিকাৰ যুক্তৰাষ্ট কোষাগাৰ বিভাগৰ ওচৰত৷এই তথ্য দাখিল কৰি উত্তৰ প্ৰদেশত সংঘটিত এনকাউন্টাৰত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গ্ৰহন কৰা ভূমিকাৰ বিৰুদ্ধে ব্যবস্থা লবলৈ আহ্বান জনাইছে আন্তৰাষ্ট্ৰীয় সংস্থাটোয়ে৷
গুৱেৰনিকা 37 হৈছে এটা আন্তৰাষ্ট্ৰীয় মানব অধিকাৰ অধিবক্তাৰ সংস্থা৷সংস্থাটোয়ে দ্য ৱায়াৰক দিয়া এক ভাষ্যত কয়,যে উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ কার্যকালত সংঘটিত অতিকমেও ১৪৬ টা ন্যায়বর্হিভূত এনকাউন্টাৰৰ উপযুক্ত সাক্ষ্য তথ্য আমেৰিকা যুক্তৰাষ্ট্ৰ কোষাগাৰ বিভাগৰ ওচৰত দাখিল কৰা হৈছে৷এই এনকাউন্টাৰ সমূহ আৰক্ষী আৰু অভিযুক্তৰ মাজত সংঘটিত সংঘাত হিচাপে মঞ্চস্থ কৰা হৈছিল আৰু দাবী কৰা হৈছিল যে আৰক্ষীয়ে আাত্মৰক্ষাৰ বাবে এনকাউন্টাৰ সংঘটিত কৰিছে৷কিন্তু ইয়াৰে বহু ঘটনাৰ কেচ ৰিপর্ট,মৰণোত্তৰ পৰীক্ষা আদিয়ে কয়,যে ভুক্তভোগী অন্যায়ৰ
বলি হৈছে৷
গুর্ৱেনিকা 37 য়ে আমেৰিকা যুক্তৰাষ্ট্ৰ কোষাগাৰ বিভাগত দাখিল কৰা তথ্যত কয়,যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৰাজ্যখনৰ আৰক্ষী বিভাগৰ সর্বেসর্বা৷কিন্তু তাৰপিছতো আৰক্ষীৰ দ্বাৰা সংঘটিত এই গুৰুত্বৰ মানব অধিকাৰ ভংগৰ ঘটনাৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহন বা ৰোধ কৰাত তেও বিফল হৈছে৷বিপৰীতে এনে ঘটনাক পুৰস্কৃতহে কৰিছে৷
ইয়াৰ পূর্বে ২০২১ চনৰ ডিচেম্বৰত বাংলাদেশৰ ৰেপিড একচন বেটেলিয়নৰ বিৰুদ্ধে এটা আমেৰিকা যুক্তৰাষ্ট্ৰত অভিযোগ দাখিল কৰিছিল গুৱের্নিকা 37 য়ে৷বাংলাদেশৰ ৰেপিড একচন বেটেলিয়নৰ ড্ৰাগচ বিৰোধী অভিযানত সংঘটিত ন্যায় বর্হিভূত হত্যাৰ অভিযোগ দাখিল কৰা হৈছিল৷ইয়াৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰই বাংলাদেশৰ ৰেপিড একচন বেটেলিয়ন আৰু ৭ জন আৰক্ষী বিষয়া ন্যায় বর্হিভূত হত্যাৰ বাবে জগৰীয়া কৰিছিল৷আমেৰিকাৰ গ্লবেল মেগনিটস্কাইয়ে মানব অধিকাৰ ভংগকাৰী এনে ব্যক্তি অথবা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যবস্থা লবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ কোষাগাৰ বিভাগক অধিকাৰ প্ৰদান কৰিছে৷কোষাগাৰ বিভাগে চিনাক্ত কৰা এনে মানব অধিকাৰ ভংগকাৰী ব্যক্তি আৰু সংস্থাৰ আমেৰিকাত সম্পত্তি থাকিলে জব্দ কৰে৷তদুপৰি তেনে ব্যক্তিক আমেৰিকা ভ্ৰমণ আৰু আমেৰিকাৰ লগত অর্থনৈতিক লেনদেনত নিষেধাজ্ঞা জাৰি কৰে৷
গুর্ৱেনিকা 37 য়ে ২০১৭ চনৰ পৰা উত্তৰ প্ৰদেশ আৰক্ষীৰ দ্বাৰা সংঘটিত ন্যায়বর্হিভূত হত্যাৰ তথ্য ইতিমধ্যে দাখিল কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ কোষাগাৰ বিভাগৰ উচৰত৷পৰবর্তী সময়ত কোষাগাৰ বিভাগে যোগী আদিত্যনাথৰ বিৰুদ্ধে কেনে ব্যবস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব৷কিন্তু ভাৰতৰ এখন ৰাজ্যত সংঘটিত এনকাউন্টাৰক লৈ আন্তৰাষ্ট্ৰীয় পর্যায়ত সৃষ্টি হোৱা বির্তকই বিশেষ তাৎপর্য বহন কৰিছে৷

- Donation -

Leave A Reply

Your email address will not be published.