উৰ্বশী মৰাণক লাগে স্বামীৰ সন্ধান

Share This Article

স্বামীৰ সন্ধান বিচাৰি DGPৰ ওচৰত উৰ্বশী মৰাণ।মঙলবাৰে কণমানি সন্তানক লগত লৈ DGPৰ কাৰ্যালয়ত উৰ্বশী মৰাণ ।কয়লা খনিত কাম কৰিবলৈ গৈ সন্ধানহীন হৈছিল প্ৰাঞ্জল মৰাণ ।৬ জানুৱাৰীত লিডু কয়লা খনিত কাম কৰিবলৈ গৈছিল প্ৰাঞ্জল ।বৰ্তমানেও কোনো খবৰ নাই প্ৰাঞ্জলৰ৷ স্বামীৰ মৃতদেহৰ সন্ধান বিচাৰি হাহাকাৰ প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণৰ।আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে দৌৰিও কোনো সঁহাৰি পোৱা নাই দুৰ্ভগীয়া মহিলা গৰাকীয়ে।কয়লা খনিত কাম কৰিবলৈ গৈ সন্ধানহীন হৈছিল মহিলা গৰাকীৰ স্বামী প্ৰাঞ্জল মৰাণ।চলিত বৰ্ষৰ ৬ জানুৱাৰীত লিডু কয়লা খনিত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল।কিন্তু ফেব্ৰুৱাৰীৰ এক তাৰিখে লিডুৰ কয়লা খনিত দুজন লোক মৃত্যু হোৱাৰ বাতৰি প্ৰকাশৰ পিছত প্ৰাঞ্জলৰ খবৰ লৈছিল পৰিয়ালে ।২ ফেব্ৰুৱাৰীত কয়লা খনিৰ মানুহ প্ৰাঞ্জলৰ ঘৰত গৈ পত্নী উৰ্বশী মৰাণক পাঁচ লাখ টকা দিব বিচাৰিছিল।কিন্তু এটি তিনিবছৰীয়া সন্তানৰ সৈতে বসবাস কৰা প্ৰাঞ্জলৰ পত্নীয়ে লোৱা নাছিল সেই ধনল বৰং স্বামীক উলিয়াই দিবলৈ আহ্বান জনাইছিল ।তিনি , চাৰি, পাঁচ খন এজাহাৰ দিয়াৰ পাছতো পঞ্জীয়ন কৰা নাছিল গোচৰ।৬ তাৰিখে সন্ধিয়া ৬ মান বজাত গোচৰটো পঞ্জীয়ন হৈছিল।লিডু আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল প্ৰাঞ্জলৰ পত্নী উৰ্বশী মৰাণে।কিন্তু আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ হলে DGP অথবা কোনো মন্ত্ৰী বিধায়কক লগ ধৰিব কৈছিল প্ৰাঞ্জলৰ পত্নীক।মঙলবাৰে কণমানি সন্তানটিক লৈ আৰক্ষী সঞ্চালক প্ৰধানক লগ কৰিবলৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় দুৰ্ভগীয়া পত্নীগৰাকী ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.