Investigative reporting with dedication.

ঘোচ খোৱাৰ অপৰাধত পুনৰ জে’ললৈ গ’ল এগৰাকী বিধায়ক।পঞ্জাৱৰ আপ বিধায়ক গৰাকীক বৃহস্পতিবাৰে পুৱা গ্ৰেপ্তাৰ কৰে ভাতিন্দা ভিজিলেঞ্চ ব্যুৰ’ই।ভাতিন্দা গ্ৰাম্যৰ বিধায়ক অমিত ৰট্টনক হাৰিয়ানাৰ কাৰ্ণালৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।অবশ্যে ভাতিন্দা ভিজিলেঞ্চ ব্যুৰ’ই এতিয়ালৈকে এই সন্দৰ্ভত কোনো বিবৃতি প্ৰদান কৰা নাই।ঘোদা গাঁৱৰ চৰপঞ্চ গৰাকীৰ স্বামীৰ এক অভিযোগৰ ভিত্তিত বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰে ভাতিন্দা ভিজিলেঞ্চ ব্যুৰ’ই।ৰট্টনক ইয়াৰ আগতেও চাকৰি দিয়াৰ নামত নিবনুৱাক প্ৰবঞ্চনা কৰাৰ অভিযোগ আছে।
বিশেষ সূত্ৰই দাবী কৰা অনুসৰি বিধায়ক গৰাকীৰ উৎকোচ বিচাৰি কৰা ফোনৰ ৰেকৰ্ডিং ফৰেনছিকলৈ পঠিয়াই সেয়া তেওঁৰ কণ্ঠ বুলি নিশ্চিত কৰাৰ পিছতহে তেওঁৰ বিৰুদ্ধে বিচাৰ চলোৱাৰ অনুমতি দিয়ে মুখ্যমন্ত্ৰীয়ে।শিৰোমণি আকালি দলৰ নেতা দলজিত চীমাই দাবী কৰা অনুসৰি চৰকাৰে বিধায়ক গৰাকীক ৰক্ষণাবেক্ষণ দিব বিচাৰিছিল,কিন্তু বিভিন্ন ৰাজনৈতিক দলৰ পৰা হেঁচা পোৱাৰ পিছত চৰকাৰে তেওঁক গ্ৰেপ্তাৰৰ অনুমতি দিবলৈ বাধ্য হয়৷তেওঁ বিধায়কগৰাকীৰ বিৰুদ্ধে এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছে।


