উচ্চতম ন্যায়ালয়ে সংৰক্ষিত কৰিলে প্ৰশান্ত ভূষণৰ আদালত অৱমাননা গোচৰৰ শাস্তিৰ ৰায়দান

Share This Article

আজি উচ্চতম ন্যায়ালয়ে প্ৰশান্ত ভূষণৰ আদালত অৱমাননাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি শাস্তিৰ ৰায়দান সংৰক্ষিত কৰি ৰাখে।

আজিৰ শুনানীত এটৰ্নি জেনেৰেল কে কে ভেনুগোপালে পুনৰ উচ্চতম ন্যায়ালয়ক ভূষণক ক্ষমা কৰি দিবলৈ আহ্বান জনায়। অৱশ্যে ন্যায়ালয়ে এই ক্ষেত্ৰত কয় যে ভূষণে নিজে ক্ষমা নিবিচৰাৰ লগতে ন্যায়ালয়ক দিয়া আত্ম ৰক্ষাৰ এফিডেভিতত আৰু অপমানজনক মন্তব্য হে প্ৰদান কৰিছে। ন্যায়ালয়ে আৰু কয় যে ভূষণক নিৰ্দিষ্ট সময় সীমা দিয়াৰ পিছতো তেওঁ ন্যায়ালয়ৰ ওচৰত ক্ষমা নিবিচাৰিলে।

প্ৰশান্ত ভূষণৰ হৈ ওকালতি কৰা অধিবক্তা ৰাজীৱ ধাৱনক ন্যায়ালয়ে ভূষণক দিবলগীয়া শাস্তি সম্পৰ্কে মতামত বিচৰাত ধাৱনে ন্যায়লয়ক জনায় যে ভূষণক দোষী সাব্যস্ত কৰা ৰায়দান টু পুনৰবিচাৰৰ হে প্ৰয়োজন, গতিকে ভূষণক কোনো শাস্তি প্ৰদান কৰিব নালাগে।

উল্লেখযোগ্য যে প্ৰশান্ত ভূষণক যোৱা ২০ আগষ্টত ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা টুইট দুটাৰ বাবে ন্যায়ালয়ৰ ওচৰত ক্ষমা খুজিবলৈ পৰামৰ্শ দিছিল যদিও বিশিষ্ট অধিবক্তা জনে পোনছাতেই তেনে নকৰে বুলি জনাইছিল। তেখেতে কৈছিল যে উক্ত টুইট দুটাই তেওঁৰ মনৰ গভীৰ বিশ্বাসক প্ৰতিফলিত কৰে। তেনে অৱস্থাত সেই টুইট দুটাৰ বাবে ক্ষমা খোজাৰ অৰ্থ হ’ব তেওঁৰ নিজৰ বিবেকক অৱমাননা কৰা।

Featured photo courtesy: Indian Express

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.