উচ্চতম ন্যায়ালয়লৈ থাকৰেপন্থী

Share This Article

দলৰ প্ৰতীক আৰু পুৰণি নাম বিচাৰি সোমবাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব উদ্ধৱ থাকৰে।নিজৰ পিতৃয়ে প্ৰতিষ্ঠা কৰা শিৱসেনাৰ কৰ্তৃত্ব হেৰুৱাই দিকবিদিক শূণ্য হৈ পৰিছে উদ্ধব থাকৰে আৰু তেওঁৰ সমৰ্থক সকল।উল্লেখ্য যে বিগত শুকুৰবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে একনাথ সিন্দে গোটৰহে শিৱসেনা দল আৰু ইয়াৰ প্ৰতীক চিহ্নৰ ওপৰত কৰ্তৃত্ব আছে বুলি নিৰ্দেশনা জাৰি কৰে।নিৰ্বাচন আয়োগে সিন্দে পন্থী বিধায়কৰ সংখ্যা অধিক হোৱাৰ বাবে এই কৰ্তৃত্ব সিন্দে পন্থীৰ হাতত অৰ্পণ কৰাৰ বিষয়টো উল্লেখ কৰে।ইয়াৰ পিছতেই নিৰ্বাচন আয়োগক মোডীৰ ‘ভৃত্য’ বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে উদ্ধৱ থাকৰে৷সোমবাৰে ন্যায়ালয়ৰ কাষ চাপিব উদ্ধৱ থাকৰে পন্থী সাংসদ অনিল দেশাই।ইতিমধ্যে অনিল দেশায়ে বিশিষ্ট আইনজ্ঞৰ লগত এই সম্পৰ্কত আলোচনা কৰিছ।উদ্ধৱ থাকৰে পন্থীয়ে আশা কৰিছে যে নিৰ্বাচন আয়োগৰ সিদ্ধান্তটোত স্থগিতাদেশ আনিব পাৰিলে তেওঁলোকে কিছু পৰিমাণে সকাহ পাব৷উচ্চতম ন্যায়ালয়ত বিগত বৰ্ষতে সিন্দেকে ধৰি আন ১৫ গৰাকী বিদ্ৰোহী বিধায়কৰ বিধায়ক পদ খাৰিজৰ দাবী তুলিছিল উদ্ধৱ থাকৰে পন্থীয়ে।সেই আৱেদনৰ লগত সংলগ্ন কৰিয়েই নিৰ্বাচন আয়োগৰ সিদ্ধান্তত স্থগিতাদেশ আনিব পৰা যাব বুলি আশাবাদী উদ্ধৱ থাকৰে গোট।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.