উচ্চতম ন্যায়ালয়লৈ ছিছ’ডিয়া

দিল্লীৰ সুৰা নীতি সন্দৰ্ভত মণীষ ছিছ’ডিয়াক দেওবাৰে গ্ৰেপ্তাৰ কৰে CBI এ।মঙলবাৰে এই গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াৰ অধিবক্তা উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথা।গোচৰটোৰ এক জৰুৰী শুনানিৰ বাবে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ ওচৰত আৱেদন জনাইছে ছিছ’ডিয়াৰ অধিবক্তাই।দিল্লীৰ এক বিশেষ আদালতে ইতিমধ্যে ৫ দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰিছে ছিছ’ডিয়াক।ৰাউচ এভিনিকৰ্টে ইতিমধ্যে আপ নেতা গৰাকীক জেৰা কৰাৰ সময়ত চিচিটিভি কেমেৰাৰে কভাৰ কৰিব পৰা স্থানতহে ছিছ’ডিয়াক জেৰা কৰাৰ নিৰ্দেশ দিছে।তদুপৰি জেৰাৰ সময়ৰ সকলো ভিডিঅ’ CBI এ জমা ৰাখিব লাগিব।আনহাতে,চিবিআয়ে দেওবাৰে জনোৱা অনুসৰি জেৰাৰ সময়ত মণীষ ছিছ’ডিয়াই সংস্থাটোক সহযোগিতা কৰা নাই।উল্লেখ্য যে মণীষ ছিছ’ডিয়া দিল্লীৰ উপমুখ্যমন্ত্ৰী আৰু তেওঁ অৰবিন্দ কেজৰিৱালৰ পিছতেই দ্বিতীয়গৰাকী গুৰুত্বপূৰ্ণ নেতা।তেওঁৰ হাতত দিল্লী চৰকাৰৰ মুঠ ১৮ টা দপ্তৰৰ দায়িত্ব আছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296