উচ্চতম ন্যায়ালয়ত মুখ থেকেঁচা অসম চৰকাৰৰ

৩ মাৰ্চলৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব কংগ্ৰেছ নেতা পৱন খেৰাক ।সোমবাৰে উচ্চতম ন্যায়ালয়ে জামিনৰ সময় বৃদ্ধি কৰে পৱন খেৰাৰ।উল্লেখ্য যে বিগত শুকুৰবাৰে দিল্লী বিমান বন্দৰৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কংগ্ৰেছ দলৰ মুখ্য মুখপাত্ৰগৰাকীক।অৱশ্যে সেইদিনাই বিয়লিৰ ভাগলৈ তেওঁ জামিন লাভ কৰে।প্ৰধানমন্ত্ৰীৰ পিতৃ সম্পৰ্কত কটু মন্তব্য কৰাৰ বাবে হাফলঙৰ এজন ব্যক্তিয়ে হাফলং থানাত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে গোচৰ তৰিছিল।
প্ৰধানমন্ত্ৰী মোডীৰ পিতৃৰ নাম দামোদৰ দাসৰ পৰিবৰ্তে গৌতম দাস মোডী বুলি উল্লেখ কৰিছিল খেৰাই।অৱশ্যে পিছ মুৰ্হুততে তেওঁ নিজৰ ভুল স্বীকাৰো কৰিছিল।সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত বহা বিচাৰপীঠে পৱন খেৰাৰ জামিন মঞ্জুৰ কৰে অহা ৩ মাৰ্চলৈ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296