ইউ পি এছ চিৰ ৫৯ সংখ্যক স্থানত অসমৰ আৰণ্যক শইকীয়া ,নিবেদিতা-তপন -কিশোৰো উত্তীৰ্ণ

Share This Article

কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০১৯ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে ৷ ঘোষিত ফলাফল অনুসৰি এইবাৰ বিভিন্ন কেডাৰত মুঠ ৮২৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ ইয়াৰ ভিতৰত অসমৰ আৰণ্যক শইকীয়াই ৫৯ নং স্থান লাভ কৰিছে ৷ তেওঁ ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা বৰ্তমানৰ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ পুত্ৰ ৷

পুলিচ একাডেমিত প্ৰশিক্ষণৰত আৰণ্যক
যোৱাবাৰো আৰণ্যক শইকীয়াই ইউ পি এছ চিয়ে অনুষ্ঠিত কৰা পৰীক্ষাত আৰক্ষী সেৱাৰ বাবে নিৰ্বাচিত হৈছিল ৷ সম্প্ৰতি তেওঁ ৰাষ্ট্ৰীয় পুলিচ একাডেমিত কৰ্ণাটক কেডাৰৰ আই পি এছ বিষয়া হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ একেসময়তে পুণৰবাৰ লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ তেওঁ ৫৯ সংখ্যক স্থান লাভ কৰে ৷ আৰণ্যক শইকীয়াই এতিয়ালৈকে তিনিবাৰ ইউ পিএছ চিয়ে অনুষ্ঠিত কৰা পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু আটাইকেইবাৰতে উত্তীৰ্ণও হৈছে৷ ইফালে , আজি ঘোষিত ফলাফলত অসমৰে নিবেদিতা দত্তই ৬৯৭ সংখ্যক, তপন ডেকাই ৭৬৬ সংখ্যক আৰু কিশোৰ সূত্ৰধৰে ৭৮৪ সংখ্যক স্থান কৰিবলৈ সক্ষম হৈছে৷ তপন ডেকাই এন আই টি সুৰটৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক আৰু আই আই এম আহমেদাবাদৰ পৰা মেনেজমেন্টৰ উচ্চ শিক্ষা গ্ৰহণ কৰিছে ৷
যোৰহাটৰ নিবেদিতা দত্ত

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.