ইউক্ৰেইনৰ MBBS এ ভাৰতত দিব পাৰিব পৰীক্ষা

Share This Article

ইউক্ৰেইনৰ পৰা উভতি অহা মেডিকেল শিক্ষাৰ্থীৰ বাবে এক ডাঙৰ খবৰ।যিসকল শিক্ষাৰ্থীয়ে যুদ্ধৰ পৰিপ্ৰেক্ষিতত আধাতে মেডিকেল শিক্ষা সামৰি দেশলৈ গুছি আহিছিল ,তেওঁলোকে কোনো মেডিকেল কলেজত নামভৰ্তি নকৰাকৈ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ MBBS পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।থিয়ৰী পৰীক্ষা কেৱল ভাৰতীয় MBBS পাঠ্যক্ৰমৰ চিলেবাচ অনুসৰি অনুষ্ঠিত হ’ব।যিকোনো চৰকাৰী মেডিকেল কলেজত প্ৰেকটিকেল কৰাৰ ব্যৱস্থা কৰা হ’ব।পৰীক্ষাৰ পিছত দুবছৰৰ বাবে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব।কেন্দ্ৰীয় চৰকাৰে লগতে এইটো স্পষ্ট কৰি দিয়ে যে ভাৰতৰ ফালৰ পৰা যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা উভতি অহা ছাত্ৰছাত্ৰী সকলৰ ক্ষেত্ৰত মাত্ৰ এবাৰৰ বাবেই এই সুবিধা আগবঢ়োৱা হৈছে।
উল্লেখ্য যে বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেইবাহাজাৰ ভাৰতীয় ছাত্ৰ দেশলৈ উভতি আহিছিল৷উভতি অহা অধিক সংখ্যক ছাত্ৰছাত্ৰীয়ে আছিল চিকিৎসা শাস্ত্ৰৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.