আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত জাতীয় শ্বহীদক অপমান এবিভিপি কৰ্মীৰ

Share This Article

উদ্ভদালিৰ সকলো সীমা পাৰ কৰি অসম আৰু অসমীয়া জাতিৰ নামত শ্বহীদ হোৱা অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদক অপমান ABVP কৰ্মীৰ।বিজেপিৰ পৃষ্ঠপোষকতাত চলা ABVP ৰ কৰ্মীয়ে উদ্ভদালিৰ চৰম সীমা পাৰ কৰি অসম আন্দোলনৰ শ্বহীদক অপমান কৰি তেওলোকৰ সুঁৱৰি আয়োজন কৰিবলগীয়া শ্বহীদ দিৱসৰ বেনাৰ ফালি পেলাই ।উল্লেখযোগ্য যে ১০ ডিচেম্বৰত আছুৰ উদ্যোগত অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ’ব লগা শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ ঐতিহ্যমণ্ডিত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত লগোৱা হৈছিল স্বহীদ দিৱসৰ নামত বেনাৰ।কিন্তু তাকো হজম নহ’ল বিজেপি পালিত ABVP কৰ্মীৰ।চৰম গুণ্ডাৰাজৰ প্ৰমাণ দাঙি ধৰি মহাবিদ্যালয়খনৰ বিগত নিৰ্বাচনত এবিভিপিৰ সমৰ্থনত বিজয়ী হোৱা সাধাৰণ সম্পাদক কৃষ্ণানু ফুকন,সাংস্কৃতিক সম্পাদক অভিষেক মুখীয়া আৰু মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা আছু ত্যাগ কৰি কিছুদিন পূৰ্বে এবিভিপিত যোগদান কৰা অচিন্ত্য তালুকদাৰ,আদিত্য ৰাজ সিং আৰু অমৰ ফুকন নামৰ এবিভিপি কৰ্মীকেইজনে ফালি পেলাই শ্বহীদ দিৱসৰ বেনাৰ।লগতে আমি ইয়াত থাকোতে কাকো শ্বহীদ দিৱস পাতিবলৈ দিয়া নহ’ব বুলিও ভাবুকি প্ৰদান কৰে এই কাণ্ডৰ প্ৰতিবাদ কৰা মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক। এই কেইজন এবিভিপি কৰ্মী তথা মহাবিদ্যালয়খনৰ ছাত্ৰ ও প্ৰাক্তন ছাত্ৰ কেইজনৰ বিৰুদ্ধে সময়ে সময়ে মহাবিদ্যালয়খনত এডমিচনৰ পৰা আৰম্ভ কৰি নন কলেজিয়েট, ডিচ কলেজিয়েট সম্পকীয় বিভিন্ন অনৈতিক কামত জড়িত হোৱাৰ লগতে ছাত্ৰ ছাত্ৰীক ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.