আলি-আয়ে-লৃগাঙত গুণোৎসৱ কিয়?

১৫ ফেব্ৰুৱাৰীৰ আলি-আয়ে-লৃগাঙৰ দিনটোত গুণোৎসৱ অনুষ্ঠিত কৰিবলৈ লোৱা বিষয়ত ধেমাজিত TMPK এ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ শিক্ষাখণ্ডত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ।ইফালে এই দিনটোতে প্ৰতিবছৰে উদযাপন কৰে ৰাজ্যৰ অন্যতম জনগোষ্ঠী মিচিংসকলে তেওঁলোকৰ বসন্ত উৎসৱ আলি – আয়ে – লৃগাং।এইবাৰ গুণোৎসৱৰ প্ৰথম দিনটোতে আলি -আয়ে -লৃগাঙৰ উৎসৱ আৰম্ভ কৰিবলৈ লোৱাত স্বাভাবিকতে মিচিংসকলৰ মাজত সৃ্ষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।জনগোষ্ঠীটোৰ লোকসকলৰ মাজত এই প্ৰতিক্ৰিয়াই প্ৰতিবাদী ৰূপ লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । আজি জনগোষ্ঠীটোৰ ছাত্ৰ সংগঠন টি এম পি কেই চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ গৰিহণা দিয়াৰ উপৰিও চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিয়ে ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296