আমছু বোলে ‘সুখী’ !

Share This Article

আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰে বাল্য বিবাহ সংক্ৰান্তত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।ৰেজাউল কৰিম চৰকাৰে বাল্যবিবাহৰ সংক্ৰান্তত যি আইন অসম চৰকাৰে ৰূপায়ণ কৰিছে তালৈ পূৰ্ণ সমৰ্থন থকা বুলি জনায় ।বিগত সাত বছৰে বাল্যবিবাহ সন্দৰ্ভত কাম কৰি অহা বুলি জনাই আমছুৰ সভাপতি গৰাকীয়ে আৰু ২০২৫ ৰ ভিতৰত বাল্যবিবাহ বন্ধ কৰাৰ বাবে পদক্ষেপ হাতত লোৱা হ’ব বুলিও জনায় ।বিগত সময়ত বাল্যবিবাহ ৰোধ কৰাত আমছুক আৰক্ষী প্ৰশাসন,শিশু সুৰক্ষা বিভাগে সহযোগ নকৰাৰ অভিযোগ উত্থাপন কৰে আমছুৰ সভাপতি গৰাকীয়ে।অসম চৰকাৰক বাল্যবিবাহ ৰোধ কৰাৰ বাবে সুক্ষ্মভাৱে পৰ্যালোচনা কৰি সঠিক ভাৱে আগুৱাই যাবলৈও আহ্বান জনায়।বঙাইগাঁও জিলাৰ ধনতোলা বজাৰত বুধবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা ধনতোলা-বামুণীটিলা আঞ্চলিক আমছুৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশনত উপস্থিত হৈ এনেদৰে কয় ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.